ডিজিটেল সংবাদ কামপুৰঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ হাতত লোৱাৰ পাছতে তেওঁৰ নিৰ্দেশতে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান। এই অভিযানত নিশাৰ ভিতৰতে আৰক্ষী থানাসমূহ ভৰি পৰিছিল মাটিৰ দালালৰে।
সেই ঘটনা এতিয়া অতীত হ'ল। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত দিয়া সকিয়নিকো আওকান কৰি এতিয়া একাংশ মাটিৰ দালালে চলাই আহিছে চূড়ান্ত দপদপনি। নগাওঁ জিলাৰ কচুৱাৰ ৰজাগাঁৱতো এটা মাটিৰ দালালে দীৰ্ঘদিন ধৰি দালালি কৰি বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰণৱ সৰকাৰ নামৰ এই দালালটোৰ প্ৰৱঞ্চনাত অতিষ্ঠ হৈ ৰাইজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া এক পৰিৱেশৰ সূচনা হৈছে। উল্লেখ্য যে, কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুৱাৰ ৰজাগাঁৱৰ ঘাচিবস্তুীৰ কিশোৰ দাস নামৰ লোকজনে প্ৰায় পাঁচমাহৰ পূৰ্বে গৰুবাট মৌজাৰ কমাৰফা কিচামৰ ৬ নং ম্যাদি পট্টাৰ ৫৪ নং দাগৰ অংশৰ পৰা ২ বিঘা ৪ কঠা ১২ লেচা মাটি ক্ৰয় কৰিছিল।
এই মাটিখিনি কিনা-বেচা আৰু পঞ্জীয়ন কৰাৰ বাবে প্ৰণৱ সৰকাৰ নামৰ লোকজনে ৬৫ হাজাৰ টকা দাবী কৰে আৰু ইয়াৰে ৩০ হাজাৰ টকা আগধন হিচাপে লয়। কিন্তু ইয়াৰ পিছতো ক্ৰয় কৰা মাটিৰ কিনা-বেচাৰ পঞ্জীয়ন নোহোৱাত প্ৰায় পাঁচ মাহ ধৰি বিভিন্ন অজুহাত দেখুৱাই আহিছিল। কিন্তু কিছুদিন পূৰ্বে মাটি কিনা-বেচাৰ পঞ্জীয়নভুক্ত নথি হিচাপে এখন ভুৱা দলিল কিশোৰ দাসৰ হাতত তুলি দিয়াৰ অভিযোগ উঠিছে।
কিশোৰ দাসৰ অভিযোগ চৰকাৰীভাৱে নিষিদ্ধ হৈ থকাৰ পিছতো প্ৰণৱ সৰকাৰে জালিয়াতিৰে অনুমতিবিহীনভাৱে দলিল কৰিছে। কেৱল সেয়াই নহয়, প্ৰণৱ সৰকাৰ নামৰ এই লোকজনে এই ক্ষেত্ৰত মাটিখিনি ক্ৰয় আৰু বিক্ৰী কৰা উভয় পক্ষক বিভিন্ন গালি গালাজ কৰাৰ অভিযোগ উঠিছে।
এনে পৰিপ্ৰেক্ষিততে ভুক্তভোগী কিশোৰ দাসে প্ৰণৱ সৰকাৰৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধিক্ষক আৰু নগাঁও জিলাৰ আয়ুক্তৰ ওচৰত এক অভিযোগ দাখিল কৰিছে।আনফালে স্থানীয় আন বহুলোক ইতিমধ্যে প্ৰণৱ সৰকাৰৰ দ্বাৰা প্ৰৱঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। সেয়ে প্ৰণৱ দাসৰ শাস্তি আৰু ভুক্তভোগীৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে।
Also Read: ১১ জনলৈ বৃদ্ধি মধ্যপ্ৰদেশৰ ধাৰাবাহিক বিস্ফোৰণত মৃতকৰ সংখ্যা...