/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a89ebba3-f296-4dd6-8241-059ac7e376bc/5.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া: অসমৰ জাতি-জনগোষ্ঠীসমূহৰ অন্যতম তিৱা জনগোষ্ঠীসকল। তিৱা জনগোষ্ঠীৰ নিজা কৃষ্টি সংস্কৃতি চৰ্চা আৰু আগবঢ়াই লৈ যোৱাৰ প্ৰয়াসেৰে ৭ জুলাইৰ পৰা ২১ জুলাইলৈকে বাৰপূজীয়াৰ চামাদি প্ৰাংগণত তিৱা পাতি ঢোল আৰু তাল বাদ্য পৰিৱেশনৰ এক শিবিৰ আয়োজন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6dc1d6e1-859e-4087-895f-d682cadd7a4f/be71a3a0-718d-4734-a0e7-09f25d4c6a35.jpg)
শিবিৰ মুকলিৰ এই অনুষ্ঠানৰ সভাপতিত্ব কৰে ভাৰত লৰে। হৰিচৰণ পাতৰে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত শিবিৰৰ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমীৰ 'ভাষা-সন্মান' প্ৰাপক হৰচিং খলাৰে। সভাত মূখ্য অতিথিৰূপে উপস্থিত থাকে তিৱা সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড° বিদ্যুত বিকাশ সেনাপতি, নগাঁও জিলাৰ হেণ্ডবল সংস্থাৰ সাধাৰণ সম্পাদক সূধন্য কুমাৰ সেনাপতি, বাৰখেলৰ জেলা হেমন্ত দেউৰী, পৱিত্ৰ লৰ, ৰূপান্তৰ সেনাপতি প্ৰমূখ্যে আন আন ব্যক্তিসকল।
পাতি ঢোল আৰু তাল বাদ্যৰ প্ৰশিক্ষকসকলৰ হৈ প্ৰিয়চিং কোঁৱৰে শিবিৰত উপস্থিত প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি মূল্যৱান ব্যক্তব্য আগবঢ়াই। ৰাজু কুমাৰ পাতৰে আঁতধৰা সভাখনিত বাৰপূজীয়া অঞ্চলৰ যথেষ্ট সংখ্যক ৰাইজৰ লগতে বাৰপূজীয়া তিৱা ভাষা-সংস্কৃতি চৰ্চা সমিতিৰ বিষয়া সকলেও সহযোগিতা আগবঢ়াই ।
Also Read: চিত্রশিল্পী মুবিন ৰাভালৈ 'নিশান্ত কাশ্যপ যুৱ মেধা বঁটা'...