তিৱা স্বায়ত্ব পৰিষদত নতুনকৈ গাঁও অন্তৰ্ভুক্তিৰ সমৰ্থনত আদৰণি সভা

তিৱা স্বায়ত্ব পৰিষদত নতুনকৈ গাঁও অন্তৰ্ভুক্তিৰ সমৰ্থনত আদৰণি সভা

author-image
Asomiya Pratidin
New Update
তিৱা স্বায়ত্ব পৰিষদত নতুনকৈ গাঁও অন্তৰ্ভুক্তিৰ সমৰ্থনত আদৰণি সভা

ডিজিটেল সংবাদ,ৰহাঃ তিৱা স্বায়ত্ব পৰিষদ গঠনৰ সুদীৰ্ঘ ২৯ বছৰৰ পিচত পৰিষদৰ অন্তৰ্ভূক্ত হ'ল অসমৰ ১১৩খন তিৱা বসতিপূৰ্ণ অঞ্চল। ১৯৯৫ চনতে তিৱা স্বায়ত্ব পৰিষদ গঠন হৈছিল যদিও অসমৰ ১১৩খন তিৱা বসতিপূৰ্ণ গাঁও পৰিষদৰ অন্তৰ্ভূক্ত হোৱা নাছিল। যাৰ বাবে তিৱা স্বায়ত্ব পৰিষদৰ সা-সুবিধা তথা প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল এই অঞ্চলসমূহৰ তিৱা জনসাধাৰণ।

Advertisment

বহু আবেদন-নিবেদন, দাবী তথা সংগ্ৰামৰ অন্তত শেহতীয়াকৈ পৰিষদৰ পৰা বাদ পৰা এই অঞ্চলসমূহ অসমৰ ৰাজ্যপালৰ এক অধিসূচনাৰ জৰিয়তে তিৱা স্বায়ত্ব পৰিষদৰ অন্তৰ্ভূক্ত কৰা হয়। ৰহাতো বাদ পৰি ৰোৱা কেইবাখনো তিৱা গাঁও নতুনকৈ পৰিষৰ অন্তৰ্ভূক্ত কৰা হয়। ইয়াৰে পৰিষদৰ ২৪ নং জোঙালবলহু সমষ্টিত চাৰিখন ৰাজহগাঁও অন্তৰ্ভূক্ত হয়।

গাঁও কেইখন হৈছে কচুৱা, বামুণীজান, খলিহামাৰী আৰু দীঘলীআটি। এই লৈ গাঁও কেইখনত আনন্দ-উচ্ছাহ দেখিবলৈ পোৱা গৈছে। দেওবাৰে নতুনকৈ অন্তৰ্ভূক্ত হোৱা গাঁও কেইখনৰ ৰাইজে এক আদৰণী সভা অনুষ্ঠিত কৰি তিবা স্বায়ত্ব পৰিষদক কৃতজ্ঞতা জনায়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰে এয়া ৰাইজৰ সংগ্ৰামৰ ফল বুলি মন্তব্য কৰে।

বৰ্তমানৰ তিৱা স্বায়ত্ব পৰিষদখন সংগ্ৰামী সত্তাৰ সদস্যৰে গঠিত আৰু তিৱা জাতিৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি অহা বুলি উল্লেখ কৰে। ৰহাৰ লাউফুলাবড়ীত অনুষ্ঠিত আদৰণী সভাখনত তিৱা স্বায়ত্ব পৰিষদৰ জোঙালবলহু সমষ্ঠিৰ প্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰং, কাৰ্যবাহী সদস্য খগেন বৰদলৈ, সৰোজ কোঁৱৰৰ লগতে তিৱা ছাত্ৰ সন্থাৰ মু্খ্য উপদেষ্টা প্ৰহ্লাদ মছৰং তথা বহু নেতা উপস্থিত থাকে।

Also Read: ভালুকমাৰীত বল বমৰ দল কঢ়িয়াই অনা টেম্পু আৰু আল্ট্ৰা বাছৰ মাজত সংঘৰ্ষঃ ৫ আহত

Tiwa autonomous council