ৰাষ্টীয় পৰ্যায়ত জিলিকিল নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থী তিস্তা...

ৰাষ্টীয় পৰ্যায়ত জিলিকিল নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থী তিস্তা...
ৰাষ্টীয় পৰ্যায়ত জিলিকিল নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থী তিস্তা...

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীয়ে ৰাষ্টীয় পৰ্যায়ত কৃৰ্তিত্ব লাভ কৰিছে ৷ সুৰনন্দন ভাৰতীৰ কলকতা ব'ৰ্ডৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ শিক্ষাৰ্থী তিস্তা কলিতাই দেশৰ ভিতৰতে শ্ৰেষ্ঠ ছাত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰী তিস্তা কলিতাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত কুমাৰ প্ৰিন্স আৰু দীপান্বিতা চৌধুৰীয়ে দ্বিত্বীয় শ্ৰেষ্ঠ আৰ মুনমি বৰাই তৃতীয় স্হান লাভ কৰিছে ৷ ৰাষ্টীয় পৰ্যায়ত তিস্তা, প্ৰিন্স, দীপান্বিতা আৰু মুনমিয়ে লাভ কৰা এই সফলতাত আনন্দমুখৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ প্ৰশিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱক ৷

লগতে প্ৰতিস্হানটিৰ অধ্যক্ষ ড° প্ৰদীপ মজুমদাৰক সুৰনন্দন ভাৰতীয়ে “নন্দন সৰস্বতী “ সন্মানেৰে সন্মানিত কৰিছে ৷ সাত আৰু আঠ ডিচেম্বৰত যাদবপুৰ বিশ্ববিদ্যালয়ৰ ইন্দুমতী সভাগৃহ আৰু জ্ঞান মঞ্চত অনুষ্ঠিত সুৰনন্দন ভাৰতীৰ ৩০ সংখ্যক সৰ্বভাৰতীয় সন্মিলন আৰু সুৰনন্দন উৎসৱৰ প্ৰথম দিনা শিক্ষাৰ্থীসকলক সন্মানিত কৰা হয় ৷

অসম, ত্ৰিপুৰা, নাগালেণ্ড, উৰিষ্যা, দিল্লী, পশ্চিমবংগ আদিৰ শিল্পীৰ সমাবেশ হৈছিল এই অনুষ্ঠানত ৷ উক্ত অনুষ্ঠানত অধ্যাপক পুষ্পিতা মুখাৰ্জী, সাহিত্য একাডেমীৰ সচিব দেবেন্দ্ৰ কুমাৰ দেবেশ, পণ্ডিত মল্লাৰ ঘোষ, ওডিসি নৃত্যগুৰু মনালিছা ঘোষ, বাউলশিল্পী পাপিয়া ষোষাল, তবলাশিল্পী জুলফিকাৰ হুছেইন, অমিত দত্ত, অনিমেষ কুমাৰ পাল, ডা° সুকোমল দাস আদি উপস্হিত আছিল ৷

ৰাষ্টীয় পৰ্যায়ত জিলিকিল নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থী তিস্তা...
এ পি এছ চিৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in