এ পি এছ চিৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙক গ্ৰেপ্তাৰ...

এ পি এছ চিৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
অসম লোকসেৱা আয়োগৰ আজৱ কাণ্ড! বিএছচি (এগ্ৰি) হেনো নহয় স্নাতক ডিগ্ৰী

এ পি এছ চিৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এজনৰ পিছত এজন ৰাজপত্ৰিত বিষয়ালৈ বিশেষ তদন্তকাৰী গোটে জাননী জাৰি কৰিয়েই আছে। শেহতীয়াকৈ ৩ গৰাকী বিষয়া ক্ৰমে কৰিমগঞ্জৰ এ ডি চি মিনাৰ্ভা দেৱী, এ পি এছ দীপাংকৰ দত্ত লহকৰ আৰু ধীৰাজ কুমাৰ জৈনলৈ জাননী প্ৰেৰণ কৰাৰ উপৰিও গ্ৰেপ্তাৰ হৈছে কেইবাজনো।

Advertisment

তাৰ মাজতে বিশেষ তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰিলে নন্দবাবু সিঙক। এই নন্দবাবু সিং আছিল ৰাকেশ পালৰ কাৰ্যকালৰ সময়ৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক। কাছাৰত গ্ৰেপ্তাৰ কৰা প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰকগৰাকীক গুৱাহাটীলৈ আনি থকা হৈছে।

তেওঁ আছিল ৰাকেশ পালৰ কু-কাণ্ডৰ অন্যতম সহযোগী। তেওঁ নিজৰ ক্ষমতা আৰু ধনৰ বলতেই নিজৰ কন্যা মিনাৰ্ভা দেৱীকো বক্ৰ পথেৰে দিছিল চাকৰি।

উল্লেখ্য যে, ২০১৩ৰ মাৰ্চৰ পৰা ২০১৫ চনৰ জুলাই মাহলৈ অসম লোকসেৱা আয়োগৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু সিং। ২০২২ৰ আগষ্ট মাহত বিপ্লৱ শৰ্মা আয়োগে জেৰা কৰিছিল নন্দবাবু সিঙক।

নন্দবাবু সিঙৰ বিৰুদ্ধে এ পি এছ চিৰ ৪৯ হাজাৰ পৰীক্ষা বহী জ্বলাই দিয়াৰো অভিযোগ উত্থাপিত হৈছিল। অভিযোগ অনুসৰি ২০১৪ চনৰ প্ৰিলিমিনাৰী পৰীক্ষাৰ OMR শ্বীট জ্বলাই দিছিল তেওঁ। ৰাকেশ পালৰ সোঁহাত স্বৰূপ নন্দবাবু সিং অৱশ্যে ৰহস্যজনক কাৰণ গ্ৰেপ্তাৰ নোহোৱাকৈ আছিল।

Also Read: আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস...

এ পি এছ চি