বটদ্ৰৱা থানৰ আইমাতৃ তিলোত্তমা বৰুৱাৰ বিয়োগ...

বটদ্ৰৱা থানৰ আইমাতৃ তিলোত্তমা বৰুৱাৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ আইমাতৃ তিলোত্তমা বৰুৱাৰ বিয়োগ...

বটদ্ৰৱা থানৰ আইমাতৃ তিলোত্তমা বৰুৱাৰ বিয়োগ...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ নিয়মীয়া আইমাতৃ তিলোত্তমা বৰুৱাৰ আজি পুৱা নিজ বাসগৃহত বিয়োগ হয়। ৮৪ বছৰীয়া আইমাতৃ গৰাকী আজি পুৱা শোৱাপাটীৰ পৰা উঠোতেই হথাৎ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ লগে লগে মৃত্যুক সাৱটি লয়।

Advertisment

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ চৈধ্য প্ৰসঙ্গৰ অন্যতম আইসকলৰ নাম প্ৰসঙ্গৰ লগত ১৯৯০ চনৰ পৰা নিয়মীয়াকৈ জড়িত হৈ নামতি হিচাপে তেওঁ গুৰু সেৱা আগবঢ়াইছিল। নগাঁও জিলাৰ দক্ষিণপাট বৰজহা গাৱঁৰ সম্ভ্ৰান্ত পৰিয়ালৰ হেমৰাম বৰাৰ একমাত্ৰ জীয়ৰী তথা প্ৰয়াত কমৰেড ফনী বৰা ভগ্নী তিলোত্তমা বৰুৱাই বৰজহা এম ই স্কুলত হাইস্কুল শিক্ষা গ্ৰহণ কৰি ১৯৬১ চনত বটদ্ৰৱা সৰুহিছা গাঁৱৰ কৃষ্ণ ৰাম বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।

মৰমীয়াল, পৰোপকাৰী, স্পষ্টবাদী, গুৰুজনাৰ একান্ত সেৱক আদৰ্শবান আইমাতৃগৰাকীৰ বিয়োগত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃসকল, নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ দত্ত, প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, শিল্পী ৰঞ্জিত মহন্ত, ৰাজীৱ বৰঠাকুৰ, বটদ্ৰৱা সাংবাদিক সন্থাকে আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত তিলোত্তমা বৰুৱাই পুত্ৰ পংকজ বৰুৱা, মৃদুল দত্ত বৰুৱা, দুগৰাকী বোৱাৰী, তিনি গৰাকী জীয়ৰী, জোৱাই, নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Also Read: বিজেপি নেতা লাচিত গগৈক আটক...

বটদ্ৰৱা