/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d4e1e8f8-9e07-4880-9ead-2a905efbec29/lachit_gogoi_22.jpg)
বিজেপি নেতা লাচিত গগৈক আটক...
-
বিজেপিৰ অবিচি মৰ্চাৰ নেতা লাচিত গগৈক আটক।
-
এটা ভাইৰেল অডিঅ'ত চৰ্চা হৈছিল নেতা জনৰ নাম।
-
কাৰ্বি আংলং আৰক্ষীয়ে আটক কৰিছে লাচিত গগৈক।
-
চুপাৰী ছিণ্ডিকেটৰ বাবে কাৰ্বি আংলং আৰক্ষী অধীক্ষকক আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ জৰিয়তে ধন দিয়া বুলি চৰ্চা হৈছিল অডিঅ'টোত।
-
দুজন আৰক্ষী অধীক্ষকক দিবলৈ আটাছু নেতাজনক ধন দিয়া বুলি স্বীকাৰ কৰিছিল অডিঅ'টোত।
-
কাৰ্বি আংলং আৰক্ষী অধীক্ষকে লাচিত গগৈৰ বিৰুদ্ধে ডিফু থানাত ৰুজু কৰিছিল গোচৰ।
-
সেই এজাহাৰৰ ভিত্তিত শুকুৰবাৰে নিশা মৰাণ আৰক্ষীয়ে আটক কৰে গগৈক।
-
চৰাইদেউ জিলাৰ কচুমাৰীৰ পৰা আটক কৰা হৈছে বিজেপি নেতাজনক।