নগাঁৱত ম’হ চুৰি কৰি আৰক্ষীৰ জালত তিনি চোৰ...

মৰিগাঁও জিলাৰ ছেনীমাৰীৰ পৰা উদ্ধাৰ কৰে চুৰি ম'হ কেইটা
নগাঁৱত ম’হ চুৰি কৰি আৰক্ষীৰ জালত তিনি চোৰ...
নগাঁৱত ম’হ চুৰি কৰি আৰক্ষীৰ জালত তিনি চোৰ...

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ বৰঘাট আৰক্ষীৰ সফলতা। চুৰি হোৱা তিনিটা ম'হ উদ্বাৰ। বৃহস্পতিবাৰে নিশা আব্দুল মোতালিভ নামৰ লোকজনৰ বৰঘাট বাইপাছৰ গোহালিৰ পৰা চুৰি হোৱা তিনিটা ম'হ আজি বৰঘাট আৰক্ষীয়ে মৰিগাঁও জিলাৰ ছেনীমাৰীৰ পৰা উদ্ধাৰ কৰে।

চোৰৰ দলে ম'হ তিনিটা AS 21 C 9866 নম্বৰৰ এখন মিনি ট্ৰাকত ভৰাই সৰবৰাহ কৰাৰ চেষ্টা চলাই থকাৰ সময়তে ঘটনাস্থলীত বৰঘাট আৰক্ষী উপস্থিত হৈ ম'হ তিনিটা জব্দ কৰাৰ লগতে ম'হ সৰবৰাহৰ লগত জড়িত তিনিজন লোকক আটক কৰে। আটকাধীন লোক তিনিজন হ'ল- মৰিগাঁও জিলাৰ আবু হানিফ, ইনামূল হক আৰু জহিৰুল ইছলাম।

অভিযানৰ সময়ত আৰক্ষীয়ে সৰবৰাহত ব্যৱহাৰ কৰা AS 21 C 9866 নম্বৰৰ মিনি ট্ৰাকখনো জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উদ্বাৰ কৰা ম'হ তিনিটাৰ মূল্য প্ৰায় দুই লাখ টকা।

নগাঁৱত ম’হ চুৰি কৰি আৰক্ষীৰ জালত তিনি চোৰ...
ৰঙিয়াৰ মধুকুছিত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in