/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/13ec12bd-e707-4fb6-a5be-1a463968dbe0/rangia_24.jpg)
ৰঙিয়াৰ মধুকুছিত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন...
ডিজিটেল সংবাদ ৰঙিয়াঃ ''অবিস্মৰণীয় বিশ্ব মহাবীৰ চিলাৰায়ৰ যি ঐতিহ্য আৰু অসমীয়া সাহিত্য কলাৰ পৃষ্ঠপোষকগৰাকীক আমি সকলোৱে মানসপটত যিদৰে তুলি ধৰিছোঁ, তেনেদৰে ৰাষ্ট্ৰীয় দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে লৈ যাব লাগিব। যাতে বীৰ লাচিতৰ দৰেই ৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠে । এইক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ অনবদ্য অৱদানৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব।''
ৰঙিয়াৰ হচং মধুকুছি কোচ কমিটিৰ উদ্যোগত আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ বক্তব্যত এইদৰে কয় মংগলদৈৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d4368963-3fb9-41ab-906c-3ebd3f5f4063/012b6f03_5705_4254_b727_f502843940cf.jpg)
প্ৰাক্তন সাংসদগৰাকীয়ে ভাষণত কোচ ৰজা নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ বৰ্ণিল ইতিহাসৰ কথা স্মৰণ কৰি বিষদভাৱে আলোকপাত কৰে। ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী আৰু ৮৭ মাঘী সভা উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা গোপাল থান প্ৰাংগনত দিনৰ ৩ বজাত অজিত ৰাজবংশীয়ে সভাপতিত্ব কৰা মুকলি সভাত ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰমণী ৰাজবংশী আৰু সাংবাদিক নয়নজ্যোতি তালুকদাৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ তাৎপৰ্যৰ ওপৰত ভাষণ ৰাখে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/17aa7911-5f0f-4f37-b7fc-ad6b949fb401/4c7370d5_8c10_4053_8ec4_b159ca77d231.jpg)
সৌৰভ দাসে আঁত ধৰা সভাত চিলাৰায় দিৱসৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে আক্ৰাছুৰ কেন্দ্ৰীয় সম্পাদক শংকৰ ৰাজবংশীকে ধৰি, বেতনা মৌজা সন্মিলনীৰ সভাপতি জয়ৰাম দাস, জিলা সন্মিলনীৰ সম্পাদক পবিত্ৰ ৰাজবংশী, পূৱ কছাৰী মহল মৌজাৰ তাৰাচাদ ৰাজবংশী,শৰৎ ৰাজবংশী, সমাজকৰ্মী হেমন্ত দত্ত, মকিবুৰ ৰহমান কেইবাগৰাকী গণ্য মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a9f7cf5b-c713-4d67-abcc-448b566b230a/70d13c95_371a_46e3_acd7_30eb9c360c52.jpg)
ইফালে চিলাৰায় দিৱস উপলক্ষে আজি পুৱা ৬:৩০বজাত পৰিৱেশ নিকাকৰণ, ঊষা কীৰ্তন, পুৱা ৮:৩০ বজাত ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি তাৰাচাদ ৰাজবংশীয়ে পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে বিশ্ব মহাবীৰ চিলাৰায়ৰ মূৰ্তিত মাল্যাপৰ্ণ কৰে কোচ কমিটিৰ পৰ্যবেক্ষক সুৰেন্দ্ৰ ৰাজবংশীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f1e04640-3b85-4f9d-b1d0-9be563c9347a/2a4fe475_3abe_4dd9_aa3b_df93b72184e5.jpg)
দিনৰ ১২ বজাত বিষ্ণু হোম, পুষ্পাঞ্জলী প্ৰদান,প্ৰসাদ আৰু মহাভোগ বিতৰণ অনুষ্ঠিত হয়। আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলনত প্ৰজ্বলক হিচাপে সমাজসেৱক তৰুণ দাসৰ উপৰি নাগাৰা নামৰ পাঠিকা বসুমতী তালুকদাৰ,ডাঃ ৰামকৃষ্ণ পদ তালুকদাৰ, পঞ্চায়ত সভাপতি ধৰ্মেশ্বৰ দাস উপস্থিত থাকে। ইফালে নিশা সঞ্জয় দাসৰ যাদু প্ৰদৰ্শন আৰু নলবাৰীৰ মুগকুছি নাট্য গোষ্ঠীৰ নাট পৰিবেশনেৰে চিলাৰায় দিৱসৰ সামৰণি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/ffe22b20-1246-4c1e-a9e0-8abf8f9d4345/bae8578c_7c2f_42cb_844e_efb1695ddbcb.jpg)
নাট পৰিবেশন উদ্বোধন কৰে কমলপুৰৰ সমাজসেৱক প্ৰাণজিৎ চৌধুৰীয়ে। সভাত ৰঙিয়াৰ ঢোলকুছি,কলাইগাঁও নৃত্য গোষ্ঠীৰ জনগোষ্ঠীয় নৃত্য পৰিবেশনেৰে সভাৰ পৰিৱেশ সাফল্যমণ্ডিত কৰি তোলে।
Also Read: কামপুৰত মাঘী পূৰ্ণিমা উপলক্ষে মাংগলিক অনুষ্ঠানঃ তিনি কীৰ্তিমানক সম্বৰ্ধনা...