কৰচোং সত্ৰৰ সত্ৰাধিকাৰ হিচাপে কীৰ্তিকান্ত গোস্বামীক নির্মালি প্ৰদান

কীৰ্তিকান্ত গোস্বামীক নির্মালি প্ৰদান কৰে ডোখোৰামুখ সত্ৰৰ সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামী আৰু মাহৰা সত্ৰৰ সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামীয়ে

author-image
Asomiya Pratidin
New Update
কৰচোং সত্ৰৰ সত্ৰাধিকাৰ হিচাপে কীৰ্তিকান্ত গোস্বামীক নির্মালি প্ৰদান

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ তেলীয়া পহুকটাৰ কৰচোং সত্ৰৰ সত্ৰাধিকাৰ হিচাপে দেওবাৰে কীৰ্তিকান্ত গোস্বামীক নিৰ্মালি প্ৰদান কৰা হয়। এই উপলক্ষে কৰচোং সত্ৰৰ নিজা সত্ৰ নামঘৰত পুৱা ঊষা কীৰ্তনেৰে উক্ত ধর্মীয় অনুষ্ঠানৰ কাৰ্যসূচীৰ আৰম্ভ হয়।

Advertisment

ইয়াৰ পিছতেই ন-পুৰুষৰ শ্ৰাদ্ধ অনুষ্ঠান,দুপৰীয়া নাম প্ৰসংগৰ অন্তত সত্ৰাধিকাৰৰ নির্মালী প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কৰচোং সত্ৰৰ সত্ৰাধিকাৰ হিচাপে কীৰ্তিকান্ত গোস্বামীক নির্মালি প্ৰদান কৰে ডোখোৰামুখ সত্ৰৰ সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামী আৰু মাহৰা সত্ৰৰ সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামীয়ে।

কৰচোং সত্ৰৰ যুৱ সত্ৰীয়া যশোয়ন্ত গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ ডেকা সত্ৰীয়া সকল,ৰাইদঙীয়া কৰচোং সত্ৰৰ যুৱ সত্ৰীয়া উৎপল গোস্বামী,কৰৈয়নী প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ উপ সভাপতি ভুৱন শৰ্মা,সম্পাদক দিজেন্দ্র মোহন গোস্বামীকে ধৰি তেলীয়া পহুকটা আৰু বৰুৱা চুবুৰীৰ ৰাইজ আৰু গোপিনীসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে,উক্ত সত্ৰখনৰ পূৰ্বৰ সত্ৰাধিকাৰ অৱনী কান্ত গোস্বামীৰ ২০২০ চনৰ ২৩ জানুৱাৰীত দেহাৱসান হৈছিল।

Also Read: তিনিচুকীয়াত মটক বিহু : লোকে লোকাৰণ্য মৰুৎ নন্দন কানন

satra