
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত চোৰৰ সন্ত্ৰাস ৷ চোৰৰ সন্ত্ৰাসত হাহাকাৰ লাগিছে সাধাৰণ নাগৰিকৰ ৷ নগাঁৱৰ স্মাৰ্ট আৰক্ষীয়ে পিছে চোৰৰ ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি একাংশই আক্ষেপ প্ৰকাশ কৰে। নগাঁও চহৰত দিনৰ পোহৰতো চোৰৰ অতপালি ৷
সোমবাৰে নিশা নগাঁও চহৰৰ আমোলাপট্টিৰ প্ৰজ্ঞান দুৱৰা নামৰ লোকজনৰ ঘৰত চোৰে লুট-পাট চলাই ৷ জানিব পৰামতে দুৱৰাৰ ঘৰৰ চৌহদৰ বেৰ ভাঙি প্ৰথম মহলাত উঠি খিড়িকী খুলি কোঠাৰ ভিতৰত প্ৰৱেশ কৰি সা-সম্পত্তি লুটি নিয়ে ৷
চোৰৰ দলটোৱে দুৱৰাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আলমিৰা ভাঙি সোন,ৰূপৰ মূল্যৱান সম্পত্তি লুটি নিয়ে ৷ জানিব পৰামতে চাৰিজনীয়া এটি দলে এই দুষ্কাৰ্য সংঘটিত কৰে ৷ চোৰৰ দলটোৰ প্ৰৱেশৰ সমগ্ৰ ঘটনা চি চি কেমেৰাত আবদ্ধ হৈছে ৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷