নগাঁৱত অব্যাহত চুৰিকাণ্ড

নগাঁৱত অব্যাহত চুৰিকাণ্ড

author-image
Asomiya Pratidin
New Update
নগাঁৱত অব্যাহত চুৰিকাণ্ড

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰত অব্যাহত আছে চুৰিৰ ঘটনা। চহৰখনৰ বিভিন্ন স্থানত প্ৰায়ে সংঘটিত হৈ আছে চোৰৰ উপদ্ৰৱ। আৰক্ষীয়ে গিজগিজাই থকা নগাঁও চহৰত সঘনাই চুৰি কাৰ্য্য সংঘটিত হৈ থকাত নাগৰিক সমাজ চিন্তিত হৈ পৰিছে।

Advertisment

বৃহস্পতিবাৰে দিন দুপৰতে চহৰখনৰ ফৌজদাৰীপট্টী এলেকাত চুৰিকাণ্ড সংঘটিত হয়। গৌতম কুণ্ডু নামৰ লোকজনৰ ঘৰত চোৰে চলাই চাফাই অভিযান। বৃহস্পতিবাৰে পুৱা ১০মান বজাত কুণ্ডুৰ পৰিয়ালৰ লোক কৰ্মস্থলীলৈ যোৱাৰ পিছত ঘৰখনত কোনো নাছিল। এই সুযোগ গ্ৰহণ কৰি চোৰৰ দলে ঘৰৰ চিলিং ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰি লুটি নিলে কেবা লক্ষ্যাধিক টকা মূল্যৰ সোণৰ অলংকাৰ আৰু নগদ ধন।

ঘটনা সন্দৰ্ভত কুণ্ডুৰ পৰিয়ালে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বাতৰি লিখা সময়লৈকে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Also Read: নগাঁও কলেজ (অট’নমাচ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক বিধান সভাত উত্থাপন

assampolice