নগাঁও কলেজ (অট’নমাচ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক বিধান সভাত উত্থাপন

নগাঁও কলেজ (অট’নমাচ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক বিধান সভাত উত্থাপন

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজ (অট’নমাচ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক বিধান সভাত উত্থাপন

ডিজিটেল সংবাদ, নগাঁও: বৃহস্পতিবাৰে অসম বিধান সভাৰ বিশেষ শীতকালীন অধিৱেশনত নগাঁও বিশ্ববিদ্যালয় বিধেয়ক উত্থাপন হোৱাত কলেজ চৌহদত আনন্দৰ জোৱাৰ উঠিছে। এই বিধেয়ক উত্থাপন হোৱাৰ লগে লগে কলেজ চৌহদত কৰ্তৃপক্ষ, অধ্যাপক-অধ্যাপিকা, অনাশিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সমূহ শুভাকাংক্ষীৰ উপস্থিতিত সকলোৱে বন্তি প্ৰজ্বলন, বেলুন উৰুৱাই আনন্দ উল্লাস প্ৰদৰ্শন কৰে।

Advertisment

অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সমূহ অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সকলো শুভাকাংক্ষীক শুভেচ্ছা জনায়। লগতে প্ৰতিষ্ঠা কালৰ পৰা জড়িত প্ৰতিগৰাকী ব্যক্তিকে শ্ৰদ্ধাৰে স্মৰণ কৰে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, স্থানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাক অধ্যক্ষ বৰকটকীয়ে বিশ্ববিদ্যালয় ঘোষণা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই ঘোষণাই অসমৰ লগতে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰিছে ৷

Also Read: শেষ লেখাটো লিখা নহ'ল ৰমু দাৰ...

নগাঁও কলেজ (অট’নমাচ)