/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2a1abb7b-1d61-4344-976d-0d0fb2a17ec5/sur.jpg)
চুৰি কাণ্ড
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলত চুৰি কাণ্ড । নিশা লোহাৰ গ্ৰীল ভাঙি প্ৰবেশ কৰি চোৰৰ দলে লক্ষাধিক টকা মূল্যৰ সা সম্পত্তি চুৰি কৰি নিয়ে ।
নকুল দে নামৰ লোক জনৰ ঘৰত সংঘটিত হৈছে এই চুৰিৰ ঘটনা । ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহন কৰি চোৰৰ দলটোৱে তিনিটাকৈ গডৰেজ ভাঙি লুটি নিলে নগদ ১০ হেজাৰ টকা আৰু আ অলংকাৰ ৷
চুৰি হোৱা সম্পত্তিৰ মূল্য প্ৰায় ১ লাখ ২৫ হেজাৰ মান হব বুলি জনাইছে গৃহস্থই ৷ গৰাকীয়ে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দখল কৰে । চুৰিকাণ্ড সন্দৰ্ভত জামুগুৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
Also Read: ১০০ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিলৈ একোখনকৈ ই-ৰিক্সা প্ৰদান...