ছিপাঝাৰৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনিজনীয়া গভাইত চোৰৰ দল...

ছিপাঝাৰৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ  তিনিজনীয়া গভাইত চোৰৰ দল...
ছিপাঝাৰৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনিজনীয়া গভাইত চোৰৰ দল...

ডিজিটেল সংবাদ মঙলদৈঃ ভোগালী বিহুৰ প্ৰাকক্ষনত ছিপাঝাৰৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় তিনিজনীয়া গভাইত চোৰৰ দল। গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি চোৰ।

ধৃত চোৰ তিনিটা হ'ল মঙলদৈৰ ব‌ইনা ওজাপাৰাৰ নজমুল আলী, ধুবুৰী জিলাৰ আগমণিৰ বাহাৰুল আলি আৰু বকো সোণতলীৰ নুৰুদ্দিন আলি। চুৰি কাৰ্যত ব্যৱহৃত এ এছ ০১-ই চি ৮৪৪৪নম্বৰৰ চুইফট বাহন আৰু এটা চুৰি ছাগলীও জব্দ কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য ভোগালী বিহুৰ প্ৰাকক্ষনত জিলাখনত বহু লোকৰ ঘৰৰ পৰা ছাগলী চোৰ হৈ আছে। যোৱা ৯ জানুৱাৰী নিশা ছিপাঝাৰৰ এটা পৰিয়ালত তিনিটা ছাগলী চুৰি কৰিছিল এই চোৰকেইটাই।

ছিপাঝাৰৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ  তিনিজনীয়া গভাইত চোৰৰ দল...
অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চতুৰ্থখন চমনঃ ১৮ জানুৱাৰীত হাজিৰ হোৱাৰ নিৰ্দেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in