বাংগালোৰত চুৰি কৰি অসমত গ্ৰেপ্তাৰ প্ৰদীপ মণ্ডল

 বাংগালোৰত চুৰি কৰি অসমত গ্ৰেপ্তাৰ প্ৰদীপ মণ্ডল

ডিজিটেল সংবাদ ,নগাঁও : প্ৰায় সত্তৰ লাখ টকা সোন চোৰ কৰি আৰক্ষীৰ জালত পৰিছে এটি চোৰ । বাংগালোৰৰ পৰা সোন চোৰ কৰি নগাঁৱত আত্ম গোপন কৰি থকা চোৰটোৰ নাম হৈছে প্ৰদীপ মণ্ডল । শনিবাৰে নিশা বাংগালোৰৰ পৰা অহা আৰক্ষীৰ এটা দলে প্ৰদীপ মণ্ডলক কৰায়ত্ব কৰে ।

নগাঁও চহৰৰ লাওখোৱা ৰোডত প্ৰদীপে আশ্ৰয় লৈ থকাৰ খবৰ গোপন তথ্যৰ ভিত্তিত লাভ কৰি বাংগালোৰৰ আৰক্ষীয়ে শনিবাৰৰ নিশা অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে প্ৰদীপ বৰ্মনক ধৰিবলৈ সক্ষম হয় । প্ৰদীপ আন্ত:ৰাজ্যিক সোন চোৰ । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সোন চোৰ কৰি নগাঁৱত আত্ম গোপন কৰি থাকে ।

শ্ৰমিকৰ বেশত দেশৰ বিভিন্ন চহৰলৈ গৈ সোন চুৰি কাৰ্যত লিপ্ত হয় । বাংগালোৰৰ এটি প্ৰতিস্থানৰ পৰা ৫০০ গ্ৰাম সোন চোৰ কৰি প্ৰদীপে পলায়ন কৰি নগাঁৱত আজি কিছুমাহ ধৰি আত্ম গোপন কৰি আছিল ।

প্ৰদীপ বৰ্মনক আৰক্ষীয়ে আজি নগাঁও আদালতত হাজিৰ কৰে । সোমবাৰে প্ৰদীপক বাংগালোৰলৈ লৈ যোৱা হ'ব বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে অভিযান কালত চুৰি কৰা সোন , সোনৰ অলংকাৰ , নগদ ধন আদি উদ্ধাৰ কৰিছে ।

 বাংগালোৰত চুৰি কৰি অসমত গ্ৰেপ্তাৰ প্ৰদীপ মণ্ডল
শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কিশোৰীৰ, গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in