শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কিশোৰীৰ, গ্ৰেপ্তাৰ

গোলাঘাট জিলাৰ ওপৰটেমেৰা কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰেন বৰা নামৰ শিক্ষকগৰাকীয়ে পবিত্ৰ শিক্ষকৰ বৃত্তিত যেন কালিমা সানিলে।

author-image
Asomiya Pratidin
New Update
শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কিশোৰীৰ, গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। গোলাঘাট জিলাৰ ওপৰটেমেৰা কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰেন বৰা নামৰ শিক্ষকগৰাকীয়ে পবিত্ৰ শিক্ষকৰ বৃত্তিত যেন কালিমা সানিলে।

Advertisment

অভিযোগ অনুসৰি লম্পট শিক্ষকজনে দিন দুপৰতে ঘৰত কোনো নথকা অৱস্থাত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বক ভাবে ধৰ্ষণৰ চেষ্টা চলায়। ইয়াক লৈ এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে গোলাঘাটৰ ৰঙাগড়া ঘাটত।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৫ ফ্ৰেব্ৰুৱাৰীত ঘৰত পিতৃ মাতৃ নথকা অৱস্থাত কিশোৰী গৰাকীয়ে স্নান কৰি থকাৰ সময়তে শিক্ষক জন তেওঁলোকৰ ঘৰত উপস্থিত হয়। ঘৰত কোনো নথকা কথা বাথৰুম পৰাই চিঞৰি জনাইছিল ভুক্তভোগী কিশোৰী গৰাকীয়ে।

কিন্তু শিক্ষকজনে যাঁও বুলি কৈ পুনৰ ঘূৰি আহি কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলাই আঁতৰি যায়। পাছত কিশোৰী গৰাকীয়ে ভয়ে ভয়ে মাতৃক সমগ্ৰ ঘটনা অবগত কৰাত শনিবাৰে কমাৰগাণও আৰক্ষী চকীত শিক্ষকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে কিশোৰী গৰাকীৰ পৰিয়ালে।

আৰক্ষীয়ে শিক্ষকজনক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ইফালে কিশোৰী গৰাকীক আৰক্ষীয়ে গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত মেডিকেল টেষ্ট কৰোৱাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Also Read: শৰ্মিষ্ঠা প্ৰিতমৰ 'ৰঙ'ৰ ইংৰাজী সংস্কৰণ প্ৰকাশৰ ক্ষণত 'প্ৰিয় পাঠক' অনুষ্ঠান

Assam police