বৃদ্ধি হৈছে কপিলীৰ জলপৃষ্ঠঃ মথাউৰি মেৰামতিত নামিল ৰাইজ...

বৃদ্ধি হৈছে কপিলীৰ জলপৃষ্ঠঃ মথাউৰি মেৰামতিত নামিল ৰাইজ...

author-image
Asomiya Pratidin
New Update
বৃদ্ধি হৈছে কপিলীৰ জলপৃষ্ঠঃ মথাউৰি মেৰামতিত নামিল ৰাইজ...

বৃদ্ধি হৈছে কপিলীৰ জলপৃষ্ঠঃ মথাউৰি মেৰামতিত নামিল ৰাইজ...

ডিজিটেল সংবাদ কামপুৰঃ যোৱা কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ। ফলত ইতিমধ্যে দুটাকৈ বানত বিধ্বস্ত হোৱা কামপুৰৰ বৃহত্তৰ অঞ্চল পুনৰ বানৰ কৱলত পৰাৰ আশংকা ঘনিভূত হৈ পৰিছে।

এনে পৰিস্থিতিত কপিলী পৰীয়াৰাইজে এতিয়া সামাভ্য বানৰ পৰা পৰিত্ৰাণ পাবলৈ নিজেই হাতে কামে নামি পৰিছে। ইতিমধ্যে দুটাকৈ বানে ক্ষতিকৰিছে কপিলীৰ মথাউৰীৰ এক দীঘলীয়া অংশ।

এনে পৰিস্থিতিত কামপুৰৰ ন দেউৰীগাঁৱৰ ৰাইজে এই মথাউৰী মেৰামতি নিৰ্মাণৰ কামত নামি পৰিছে। আনহাতে ৰাইজৰ এই মথাউৰী নিৰ্মাণৰ কামত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে চাংচকী পঞ্চায়তৰ আঞ্চলিক সদস্য কৰবী কাকতিয়ে।

Also Read: দাক্ষিণাত্যলৈ কাম কৰিবলৈ যোৱা অতুল হঠাৎ ক'ত হেৰাল? পৰিয়ালত হাহাকাৰ...

কামপুৰ কপিলী