/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/2dc6f326-7bf7-41a0-a3c5-d9c36319962b/atul_2.jpg)
দাক্ষিণাত্যলৈ কাম কৰিবলৈ যোৱা অতুল হঠাৎ ক'ত হেৰাল? পৰিয়ালত হাহাকাৰ...
ডিজিটেল সংবাদ চিলাপথাৰঃ কৰ্ম সংস্থাপন বিচাৰি দাক্ষিণাত্যলৈ যোৱাৰ পথত এজন লোক নিখোজ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিখোজ হোৱা এই লোকজন হ'ল চিলাপথৰ আৰক্ষী থানাৰ অন্তৰ্গত চিচি চুমনিৰ অতুল দেউৰী।
দৰিদ্ৰ পৰিয়ালৰ লোক অতুল দেউৰীয়ে (৩০) যোৱা ২৬ জুনতে ঘৰৰ পৰা দক্ষিণ ভাৰতৰ কেৰেলালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কৰ্মসংস্থাপনৰ আশাত ২৭ জুনত গুৱাহাটীৰ পৰা ৰে'লযোগে কেৰেলালৈ যাত্ৰা কৰা অতুলে ২৯ জুনলৈ ফোনত পৰিয়ালৰ সৈতে যোগাযোগত আছিল।
পিছে ৩০ জুনত বিশাখাপত্তনম ৰে'ল ষ্টেচনৰ পৰা হঠাৎ সন্ধানহীন হয় অতুল। তেওঁৰ সৈতে যোগাযোগো বিচ্ছিন্ন হৈ পৰে। উক্ত সময়ৰে পৰা আজি পৰ্যন্ত কোনো খা-খবৰ নাই অতুলৰ। অতুলৰ সৈতে যোৱা সতীৰ্থৰ পৰা এই কথা জানিব পাৰি পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে।
ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম লোকজন নিৰুদ্দেশ হোৱাৰ বাবে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকল। দুৰ্ভগীয়া পৰিয়ালটোৱে সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰীৰ লগতে দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদক নিখোজ লোক জনৰ সন্ধানত সহায় কৰিবলৈ প্ৰাৰ্থনা জনাইছে।
Also Read: জামুগুৰিহাটৰ খলিহামাৰীত ভয়াবহ বান পৰিস্থিতিঃ বিনিদ্ৰ ৰজনী ৰাইজৰ...