জোনমণি ৰাভাৰ মৃত্যুৰে নাম সাঙোৰ খোৱা এজনৰ আত্মসমৰ্পণ...

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা এজনৰ আত্মসমৰ্পণ । লখিমপুৰৰ বঙালমৰাৰ ৰিয়াজুল ইছলাম নামৰ এজনে বৃহস্পতিবাৰে কৰিছে আত্মসমৰ্পণ
জোনমণি ৰাভাৰ মৃত্যুৰে নাম সাঙোৰ খোৱা এজনৰ আত্মসমৰ্পণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা এজনৰ আত্মসমৰ্পণ । লখিমপুৰ জিলাৰ বঙালমৰাৰ ৰিয়াজুল ইছলাম নামৰ এজনে বৃহস্পতিবাৰে কৰিছে আত্মসমৰ্পণ । নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছে অভিযুক্তগৰাকীয়ে । নকল সোণৰ অবৈধ ব্যৱসায়ৰ সৈতেও জড়িত ৰিয়াজুল ।

আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পিছতেই লখিমপুৰত আৰক্ষী অধীক্ষকৰৰ দায়িত্ব প্ৰদান কৰা হৈছিল আনন্দ মিশ্ৰক । জিলাখনৰ দায়িত্ব লৈয়েই আৰক্ষী অধীক্ষকগৰাকীয়ে অপৰাধীক আত্মসমৰ্পণ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছিল ।

আনন্দ মিশ্রৰ হুংকাৰৰ পিছতেই নগাঁৱত আত্মসমৰ্পণ কৰিছে অভিযুক্তগৰাকীয়ে । সম্প্রতি তদন্তকাৰী বিষয়াই ৰিয়াজুলক সোধা-পোছা অব্যাহত ৰাখিছে । জোনমণি কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল ৰিয়াজুলৰ । লখিমপুৰৰ নাওবৈচাত ঘৰ এইগৰাকী আত্মসমৰ্পনকাৰীৰ ।

জোনমণি ৰাভাৰ মৃত্যুৰে নাম সাঙোৰ খোৱা এজনৰ আত্মসমৰ্পণ...
নাৰায়ণপুৰত অভিযান আনন্দ মিশ্ৰৰঃ ড্ৰাগছসহ দুই লক্ষ্যাধিক টকা জব্দ, আটক এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in