নাৰায়ণপুৰত অভিযান আনন্দ মিশ্ৰৰঃ ড্ৰাগছসহ দুই লক্ষ্যাধিক টকা জব্দ, আটক এজন...

লখিমপুৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ইটোৰ পিছত সিটো অভিযানত নামিছে আৰক্ষী অধীক্ষকক আনন্দ মিশ্ৰ । জিলাখনৰ নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত বৃহস্পতিবাৰে এজন ভাড়াতীয়াৰ গৃহত অভিযান চলাই আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে

author-image
Asomiya Pratidin
New Update
নাৰায়ণপুৰত অভিযান আনন্দ মিশ্ৰৰঃ ড্ৰাগছসহ দুই লক্ষ্যাধিক টকা জব্দ, আটক এজন...

ড্ৰাগছসহ দুই লক্ষ্যাধিক টকা জব্দ

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ইটোৰ পিছত সিটো অভিযানত নামিছে আৰক্ষী অধীক্ষকক আনন্দ মিশ্ৰ । জিলাখনৰ নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত বৃহস্পতিবাৰে এজন ভাড়াতীয়াৰ গৃহত অভিযান চলাই আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে । প্ৰায় দুঘন্টা যোৰা অভিযান কালত বুজন পৰিমাণৰ ড্ৰাগছসহ দুই লক্ষ্যাধিক টকা জব্দ কৰিছে আৰক্ষীৰ দলটোৱে ।

Advertisment
অভিযান
অভিযান

লগতে ভাড়াতীয়া ভৱেশ দলে ওৰফে ভাৰত দলেক গ্ৰেপ্তাৰ কৰিছে । ৭ টাকৈ মোবাইল ফোন জব্দ কৰাৰ উপৰিও এখন মাৰুতি 800, এখন হোণ্ডা এক্সেন্ট, এখন বাজাজ পালচাৰ বাইক জব্দ কৰিছে আৰক্ষীৰ দলটোৱে। আনহাতে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষকক আনন্দ মিশ্ৰই ।

Also Read: ডাইনী সন্দেহত মহিলাক অৰ্ধ উলংগ কৰি অমানুষিক অত্যাচাৰৰ

drugs seized SP Anand Misra narayanpur raid