/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/638e8901-f782-4644-ad3e-e27c5c7750ea/nagaon.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ তিনিচুকীয়াত অনুস্থিত হোৱা কাজিৰঙা মহোৎসৱ ২০২৩ ত নগাঁও জিলাৰ দক্ষিণপাটৰ এগৰাকী নৃত্যসাধক তথা নৃত্য গুৰু পাৰ্থ প্ৰতিম দাসে "ৰাষ্ট্ৰীয় গুৰু ৰত্ন' বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বেও পাৰ্থপ্ৰতিম দাসে কেইবাবাৰো আন্তঃৰাষ্ট্ৰীয় বটাঁ লাভ কৰিবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1f7e1616-42dc-4130-be67-2b5a777163e0/07ae55a6_d068_40c9_bc7e_951c62031412.jpg)
উল্লেখ্য যে গুৰুকুল কালচাৰেল একাডেমীয়ে আয়োজন কৰা কাজিৰঙা মহোৎসৱত পাৰ্থপ্ৰতিম দাসৰ লগতে বিশ্বজিৎ দাস, অঞ্জলী দাস, দিয়াৰাণী দাস, নীলাঞ্জনা বেজবৰুৱা, বেদাংগনা কাশ্যপ, ভাৰ্গৱী বৰা, পৰিস্মিতা পিংগলীকা শইকীয়া, নিতুল হাজৰিকাইও অংশগ্ৰহণ কৰি "কাজিৰঙা নৃত্য ৰত্ন বঁটা ২০২৩" লাভ কৰিবলৈ সক্ষম হৈছে।
উক্ত মহোৎসৱত নগাঁৱৰ আটাইকেইগৰাকী নৃত্য শিল্পীয়ে কথক নৃত্য, বিহু নৃত্য আৰু আধুনিক নৃত্য পৰিৱেশন কৰিছিল। উল্লেখ্য যে এতিয়া নগাঁৱৰ আটাইকেইগৰাকী নৃত্য শিল্পীৰ সফলতাত নগাঁওবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে ।
Also Read: প্ৰচণ্ড ধুমুহাত গছ পৰি থিতাতে নিহত এজন...