/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dc60ed6f-b3b5-4e87-bf4b-1e280fda76c8/nagaon.jpg)
প্ৰতিদিন সেৱা, হাওৰাঘাটঃ নগাওঁ জিলাৰ ৯০ নং যমুনামুখ বিধান সভা সমষ্টি তথা আকাশীগঙ্গা গাওঁ পঞ্চায়তৰ অন্তৰ্গত নিজ পাৰখোৱা আদর্শ গাওঁৰ বুৱদেৱ হীৰা আৰু মধুমাই হীৰাৰ পুত্ৰ অৰ্থাৎ দুই কন্যা সন্তানৰ পিতৃ ভাগ্যৰাম হীৰাৰ কৰুণ কাহিনীয়ে সকলোকে ব্যথিত কৰি তুলিছে । ৩৯ বছৰীয়া ভাগ্যৰাম হীৰাই চাৰি মাহ পূৰ্বে দুয়োটা চকুৰ দৃষ্টি শক্তি হেৰুৱাই পেলাইছে ।
ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ভাগ্যৰাম হীৰা । পূৰ্বে তামোলৰ ব্যৱসায় কৰি কোনোৰকমে ঘৰখনক পোহপাল দি আছিল যদিও বৰ্তমান সময়ত দুয়োটা চকু বিকল হোৱাত বৰ্তমান ঘৰতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ভাগ্যৰাম হীৰা ।
ভাগ্যৰামৰ বৰ্তমান সময়ত চিকিৎসা চলি আছে কিন্তু ঘৰখনত থকা দুয়োগৰাকী পিতৃ-মাতৃও বিগত কেইবাবছৰ ধৰি অসুস্থ হৈ আছে । উন্নত মানৰ চিকিৎসা আৰু ঘৰখনৰ কিছু আৰ্থিক সমস্যাৰ বাবে এতিয়া সকলোৰে সহায় বিচাৰিছে ভাগ্যৰাম হীৰাই ।
আনহাতে কোনো দয়াবান তথা সদাশয় ব্যক্তিয়ে যদি দুৰ্ভগীয়া ভাগ্যৰাম হীৰাক দৃষ্টি শক্তি ঘূৰাই পোৱাত উন্নত মানৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে বেংক একাউণ্টৰ যোগেদি কিছু আৰ্থিক সহায় কৰিব পাৰে আৰু লগতে ফোন নম্বৰৰ যোগেদিও যোগাযোগ কৰিব পাৰিব ।
যোগাযোগৰ মোবাইল নম্বৰ হৈছে ৭৬৩৫৯২৬৫৯৭, কোনো সদাসয় লোকে সহায় কৰিব বিছাৰিলে বেংক একাউণ্টৰ নম্বৰ হৈছে 7436010173370, IFSC CODE:PUNB0RRBAGB, বেংকঃ অসম গ্ৰামীণ বিকাশ বেংক । বেংকৰ শাখা:- পাৰখোৱা ।
Also Read: মিলেট খেতি সন্দৰ্ভত মধ্য কাজিৰঙা গাঁও পঞ্চায়তত সজাগতা সভা