অৱশেষত বহু কেলেংকাৰীৰ অভিযুক্ত চাইফুল পৰিল আৰক্ষীৰ জালত...

"এশ গৰু মাৰিলে বাঘৰো মৰণ "- এই দশাই হ'ল নগাঁওৰ ২ নং কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলামৰ । প্ৰধানমন্ত্ৰী ফচল বীমা, সংখ্যালঘু ছাত্ৰ বৃত্তি আদি কেলেংকাৰীত জড়িত থাকি ধন চপোৱা চাইফুলক সোমবাৰে মৰিগাঁও আৰক্ষীয়ে বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়
অভিযুক্ত
অভিযুক্ত

ডিজিটেল সংবাদ কামপুৰঃ "এশ গৰু মাৰিলে বাঘৰো মৰণ "- এই দশাই হ'ল নগাঁওৰ ২ নং কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলামৰ । প্ৰধানমন্ত্ৰী ফচল বীমা, সংখ্যালঘু ছাত্ৰ বৃত্তি আদি কেলেংকাৰীত জড়িত থাকি ধন চপোৱা চাইফুলক সোমবাৰে মৰিগাঁও আৰক্ষীয়ে বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ নামত নগাঁও আৰু মৰিগাঁও জিলাত কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল । ইতিমধ্যে এই কেলেংকাৰীৰে জড়িত থকাৰ অপৰাধত কেইবাজনো লোকক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

এই কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড হিচাপে চিনাক্ত হৈছে কচুৱা থানাৰ অন্তুৰ্গত লংজাপ খেৰণী গাঁৱৰ জিয়াবুৰ ৰহমান। জিয়াবুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ স্বীকাৰুক্তিৰ ভিত্তিত কচুৱাৰ চানাখোলাৰ চাইফুল ইছলাম নামৰ আন এজন লোক এই কাণ্ডৰ আন এক মাষ্টাৰ মাইণ্ড বুলি চিনাক্ত হয়।

এই কেলেংকাৰী সংঘটিত কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে ২ নং কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলাম দীৰ্ঘদিন ধৰি পলাই আছিল। পূৰ্বে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কোটি কোটি টকা জালিয়াতি কৰাৰ অভিযোগ থকা জিয়াবুৰ -চাইফুল হৈছে ৰহা সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ ৰাজনৈতিক সংগী। এই কথা বিধায়কজনেই স্বীকাৰ কৰিছে ।

অভিযুক্ত
অভিযুক্ত

জানিব পৰা মতে নিৰ্বাচনৰ সময়ত বিধায়ক শশীকান্ত দাসক ধনে-জনে সহায় কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত সহায় কৰিছিল জীয়াবুৰ আৰু চাইফুলে । শশীকান্ত দাসৰ নিৰ্বাচনী এজেণ্ট আছিল দুয়োজন ।

জীয়াবুৰে বিধায়ক জনৰ বহু ঘৰুৱা কামতো সহায় কৰিছিল বুলি শশীকান্ত দাসে নিজে স্বীকাৰ কৰিছে । বিধায়ক শশীকান্ত দাস নিৰ্বাচনত জয়ী হৈ অহাৰ পিছতো বিধায়কৰ সোঁৱে-বাঁৱে আছিল অভিযুক্ত জীয়াবুৰ আৰু চাইফুল ।

অভিযোগ উঠামতে মাত্ৰ ৭ বছৰ পূৰ্বে এখন ভঙা চাইকেল লৈ ঘূৰি ফুৰা চানখোলা গাঁৱৰ ছাইফুল ইছলাম সম্প্ৰতি কেইবা কৌটি টকাৰ মালিক হোৱা বুলিও চৰ্চা চলিছে। বিভিন্ন ভুৱা বিদ্যালয় আৰু একাংশ প্ৰধান শিক্ষকৰ লগত গোপন বুজাবুজিৰে অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা এই দুই অসাধু ব্যক্তিয়ে সৰকাইছিল ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ লক্ষ লক্ষ টকা ৷

অভিযুক্ত
অভিযুক্ত

উল্লেখ্য যে, পলাতক কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইচলামে ২০২২ বৰ্ষৰ ৫ ছেপ্তম্বৰত কংগ্ৰেছ ত্যাগ কৰি অগপত যোগদান কৰে । বিষ্ণু দাসৰ তৎপৰতাত দুই অগপ দলৰ মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তৰ উপস্থিতিত কচুৱাত অনুষ্ঠিত হোৱা এখন বিশাল সভাত অগপত যোগদান কৰে।

নিজৰ অপকৰ্মৰ পৰা হাত সাৰিবৰ বাবেই চাইফুল ইছলামে শাসনাধিষ্ঠ বিজেপি দলৰ মিত্ৰ দল অসম গণ পৰিষদত যোগদান কৰা বুলি দলীয় কৰ্মী সকলে অভিযোগ কৰিছে।এই চাইফুল ইছলামক গ্ৰেপ্তাৰৰ দাবী জনাই আহিছে বিভিন্ন দল সংগঠনে ।

তদুপৰি জীয়াবুৰ -ছাইফুলৰ ঘনিষ্ঠ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসকো তদন্তৰ আওতালৈ অনাৰ উপৰিও সমগ্ৰ ঘটনাৰাজী মুখ্যমন্ত্ৰীৰ অপৰাধ অনুসন্ধান শাখাৰ জড়িয়তে তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰো দাবী জনাইছে ।

অভিযুক্ত
কেবিনেট বৈঠক নহয়, এইবাৰ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in