/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b60b0cce-ba8b-4edd-9a33-3267cd22e930/NAT_SAMAROH_26.jpg)
প্ৰাকৃতিক পৰিবেশত প্ৰথম বাৰ্ষিক কাঁচিয়লি শিশু নাট সমাৰোহ...
ডিজিটেল সংবাদ বেবেজীয়াঃ নগাওঁ জিলাৰ কাছমাৰি বৰাগাঁও পথাৰত প্ৰথম বৰ্ষৰ বাবে অনুষ্ঠিত প্ৰাকৃতিক শিশু নাট সমাৰোহত আজি মুঠ ৪ খন নাট মঞ্চস্থ কৰা হয়। আজি মঞ্চস্থ হোৱা শিশুসকলৰ দ্বাৰা অভিনীত প্ৰথমখন নাট ভৱজিত শইকীয়াৰ দ্বাৰা ৰচিত আৰু ডিপু বৰাৰ দ্বাৰা পৰিচালিত "তেজিমলা'', দ্বিতীয়খন নাট জ্যোৎস্না দেৱীৰ ৰচনা আৰু শোণিত বৰাৰ দ্বাৰা পৰিচালিত "শিপাৰ সন্ধানত'', তৃতীয়খন নাট ভৱজিৎ শইকীয়াৰ দ্বাৰা ৰচিত আৰু পৰিচালিত " সৰৱজান" আৰু চতুৰ্থখন নাট শোণিত বৰাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত "ফচকলি ডট কম"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/99e52d55-c028-48cb-95f0-ea5cc609bcec/54ea9981_4e56_4375_a927_e32889d193ae.jpg)
এই আটাইকেইখন নাটে উপস্থিত দৰ্শকসকলক নাটকৰ অনন্য আমোদ প্ৰদান কৰে। প্ৰবীণ নাট্যকৰ্মী জিতেন বৰাৰ বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ হোৱা আজিৰ নাট সমোৰোহৰ মঞ্চ উদ্বোধন কৰে জ্যেষ্ঠ নাট্যকৰ্মী সপোনটি বৰদলৈয়ে আৰু নাট্যৰাম্ভ কৰে মৃণাল বৰাই। সমাৰোহত নাট পৰিচালক দিলিপ লস্কৰ, অঞ্জল বৰা, অভিনেতা দীপ বৰা, বৰগীতৰ শিল্পী কাকলি শইকীয়া, জিতু শ্ৰাৱণ, ডিপু শইকীয়া, নেত্ৰ কমল বৰাকে ধৰি কেইবাগৰাকী নাট্য তথা সাংস্কৃতিক কৰ্মী উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/8a9749c1-91b7-4212-b6e2-08941ac2df84/6a5e2b22_99fd_4965_88c4_469d4c5deaf2.jpg)
Also Read: মেধাৱী যুৱক ধ্ৰুবজ্যোতি ডেকাৰ অকাল মৃত্যুত শোকস্তব্ধ ওৰাং...