/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/2b49fe45-cffc-4ada-abcd-308f636a5d60/ORANG_26.jpg)
মেধাৱী যুৱক ধ্ৰুবজ্যোতি ডেকাৰ অকাল মৃত্যুত শোকস্তব্ধ ওৰাং...
ডিজিটেল সংবাদ ওৰাং: আলফুলে ফুলি অহা ফুলপাহ যেন হঠাতেই মৰহি গ'ল। জীৱনৰ গভীৰতালৈ ননমাৰ আগতেই এক এজান দেশলৈ গ'লগৈ যুৱকজন। আজি অঞ্চলটো শোকাস্তদ্ধ। সকলোৰে চুকত চকুলো। সকলোকে কন্দুৱাই চকুৰে নেদেখা কাণেৰে নুশুনা আৰু কাহানিও উভতি নহা বাটেৰে গ'লগৈ ওৰাঙৰ পাউৰিপোটাৰ সৰবৰাহী যুৱক ধ্ৰুবজ্যোতি ডেকা।
জীৱনৰ মাত্ৰ ২৬ বছৰ বয়সত গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পাতালত শুকুৰবাৰে দিনৰ ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে ধ্ৰুৱজ্যোতিয়ে। দীৰ্ঘদিন ধৰি বৃক জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ধ্ৰুৱজ্যোতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/60fbdd76-35d5-4c26-a439-c7d9b0876fdb/6c10102f_a25c_4246_adbe_8812999db052.jpg)
অঞ্চলটোৰ ভিতৰত অতি মেধাৱী যুৱক আছিল ধ্ৰৱজ্যোতি। শেহতিয়াকৈ বি টি আৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক টেট পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হৈছিল ধ্ৰুৱজ্যোতি। মেধাৱী যুৱক ধ্ৰবজ্যোতি ডেকাৰ মৃত্যুত শোকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ পাউৰিপোটা অঞ্চলত।
অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান সৈতে জড়িত আছিল ধ্ৰুৱজ্যোতি ডেকা। ধ্ৰৱজ্যোতিৰ অনাকাংক্ষিত অকাল মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ নশ্বৰ দেহত।
মেধাৱী যুৱক ধ্ৰুৱজ্যোতি ডেকাৰ অকাল মৃত্যুত পূৱ ওদালগুৰি সাংবাদিক মঞ্চ, ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চা, বৃহত্তৰ পাউৰিপোটা দুৰ্গাপূজা উদযাপন সমিতি, বৃহত্তৰ পাউৰিপোটা ৰঙালী বিহু উদযাপন সমিতি, পাউৰীপোটা হাই স্কুল পৰিচালনা সমিতি, ব্যৱসায়ীক সন্থা, বিভিন্ন ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন দল- সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
Also Read: অসংখ্য ভক্তৰ সমাবেশেৰে মুখৰিত ৰঙিয়াৰ তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থান...