কুজিদাঁহত 'জীৱনৰ বিয়লি বেলা' অনুষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন...

কুজিদাঁহত 'জীৱনৰ বিয়লি বেলা' অনুষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন...

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ কুজিদাঁহ ধোপাবৰ সত্ৰত 'জীৱনৰ বিয়লি বেলা’ নামৰ অনুষ্ঠানটোৰ উদ্যোগত বৃহস্পতিবাৰে এটি মনোৰম অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হৈ যায়৷ বিশিষ্ট লেখিকা, সুদক্ষ অভিনেত্ৰী গুণদা গোস্বামীৰ পৌৰোহিত্যত বিয়লি ৩বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক তথা আশীৰোদ্ধৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী অৰুণা বৰাই উদ্দেশ্য ব্যখ্যা কৰে।

২০২৩চনৰ এইটো দিনতে বয়সে গৰকা দুগৰাকীমানক লগত লৈ অৱসৰৰ সময়খিনি নাট,ভাওনা, নাম, কীৰ্তন, সাঁথৰ, ফকৰা-যোজনা, আইনাম, বিয়ানাম আদি বোৰৰ মাজত কটাই জীৱনটোক উপভোগ কৰাৰ মানসেৰেই জীৱনৰ বিয়লি বেলিকা অনুষ্ঠানটোৰ জন্মৰ উদ্দেশ্য বুলি উল্লেখ কৰে৷

সত্তৰোৰ্ধৰ মহিলা গুণমাই বৰাৰ ঘোষা পৰিৱেশনেৰে আৰম্ভ হোৱা আকৰ্ষণীয় অনুষ্ঠানটিত ৭৫বছৰীয়া প্ৰবীন অনাতাঁৰ শিল্পী তথা অৱসৰী শিক্ষক গম্ভীৰ নাথে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে। তেখেতে সুধাকণ্ঠৰ 'আকাশী গংগা বিচৰা নাই’, বিষ্ণু ৰাভাৰ 'বুকু ফালি আনিম’ আৰু 'আই ঐ নাকান্দিবি তই’ গীতকেইটি পৰিৱেশন কৰি বয়সে গৰকা সকলোৰে মুখাবয়ব আশা আৰু সম্ভাৱনাৰে জীপাল কৰি তোলে ৷

অনুষ্ঠানটিত অধ্যাপক তথা গ্ৰন্থ পিপাসু ৰূপে পৰিচিত মোহিনী মোহন ডেকাই জীৱনৰ এই সময়চোৱাত এইদৰে সকলো মিলিত হৈ মনৰ আৰু সমাজৰ চিন্তামূলক আলোচনাৰে ভৱিষ্যত প্ৰজন্মক বাট দেখুৱাই নিবলৈ কৰা প্ৰচেষ্টাই সমাজ জীৱন সুখময় কৰিব বুলি মন্তব্য কৰে। এই ব্যৱস্থাই সদ্যহতে জীৱনটোক এবাৰ উভতি চাবলৈ আৰু কৰিবলগীয়া বহু কামেই কৰিবলৈ উদগনি যোগাব বুলি অভিমত ব্যক্ত কৰে৷

অনুষ্ঠানটিত শিল্পী কুসুম বৰুৱাই গীত আৰু নাটকৰ সংলাপ, প্ৰগতি খাউণ্ডে হীৰু দাৰ কবিতা, নিশামণি বৰাই জ্যোতি সংগীত, গুণদা গোস্বামীয়ে নাটকৰ সংলাপেৰে মুখৰ কৰি তোলে। এই অনুষ্ঠানটিত লেখক-সাংবাদিক প্ৰাঞ্জল বৰদলৈ নিমন্ত্ৰিত অতিথি ৰূপে যোগদান কৰি তেওঁ ইউৰোপীয় সাহিত্যৰ শ্ৰেষ্ঠ কবি গ্যেটে, ভলটেয়াৰ, আনাতোলা ফ্ৰা, বিখ্যাত চিত্ৰশিল্পী টিটিয়ান, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ স্থপতি ফ্ৰাঙ্ক লয়ড ৰাইট, গ্ৰীক নাট্যকাৰ ছফ’ক্লিছ, বিখ্যাত শিল্পী টাস্কানিনিৰ উপৰিও আমাৰ যজ্ঞেশ্বৰ শৰ্মা, অন্নদাশংকৰ ৰায়েও জীৱনৰ অষ্টম-নৱম দশকতহে নিজৰ চিন্তা, সৃষ্টি আৰু চেতনাৰে অতি উজ্জ্বল আৰু উত্তম দৃষ্টান্ত বিশ্ববাসীৰ আগত দাঙি ধৰিছিল বুলি উল্লেখ কৰে।

তেওঁ লগতে এইসকলৰ উপৰিও ৮০ বছৰৰ ওচৰে-পাজৰে থাকি আমাৰেই চৈয়দ আব্দুল মালিক, লক্ষ্যধৰ চৌধুৰী, ভূপেন হাজৰিকাই নিজৰ ব্যক্তিত্বৰ সুঘ্ৰাণ সমাজলৈ বিলাই জ্যোতিষ্মান হৈ আছিল বুলি কৈ জীৱনৰ বিয়লি বেলা অনুষ্ঠানটিত সমবেত বয়োজ্যেষ্ঠ লোকসকলক অনুপ্ৰাণিত কৰে। তেওঁ উল্লেখ কৰা এই সকলোকেই চেৰ পেলাই নীৰদ চি চৌধুৰীয়ে তেওঁ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কিতাপখন নিৰানব্বৈ বছৰ বয়সত ৰচনা কৰিছিল বুলি কৈ বয়োজ্যেষ্ঠসকলৰ সন্মোহিত কৰি তোলে ৷

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বয়োজ্যেষ্ঠ সুৰেন বৰা,দীপালি বৰা, ৰেণু বৰা, ননী বৰা প্ৰমুখ্যে গাত বয়সৰ আঁচুৰ পৰা কেইবাগৰাকীও ব্যক্তিয়ে জীৱনৰ উপলব্ধিৰে আগবঢ়োৱা মন্তব্যই একপ্ৰকাৰ সকলোৰে দুচকু আনন্দাশ্ৰুৰে ভৰি পৰে ৷ অৱসৰী শিক্ষক প্ৰগতি খাউণ্ডে আগবঢ়োৱা শলাগৰ শৰাইৰ অন্তত জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

কুজিদাঁহত 'জীৱনৰ বিয়লি বেলা' অনুষ্ঠানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন...
বেংকৰ ভিতৰৰ পৰাই চোৰে লুটিলে ৪৫লাখ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in