বেংকৰ ভিতৰৰ পৰাই চোৰে লুটিলে ৪৫লাখ টকা...

বেংকৰ ভিতৰৰ পৰাই চোৰে লুটিলে ৪৫লাখ টকা...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁওত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নগাঁও চহৰৰ পঞ্জাৱ নেছনেল বেংকৰ ভিতৰৰ পৰা চোৰে লুটি নিলে ৪৫ লাখকৈ টকা। টকা লুট কৰা ঘটনাই অঞ্চলটোত আলোৰনৰ সৃষ্টি কৰিছে ।

কঠিয়াতলিৰ আদিত্য ৰাইচ মিলৰ দুই কৰ্মচাৰীয়ে বেংকত ধন জমা থবলৈ অহাৰ পিছত এই ঘটনা সংঘটিত হয়। দুই কৰ্মচাৰীয়ে টকাৰ বেগ লৈ বেংকৰ ভিতৰত থাকোতেই টকা ভৰ্তি বেগটো নাইকীয়া হয় ।

এই ঘটনাৰ পিছত নগাঁও আৰক্ষীৰ এটা দল বেংক চৌহদত উপস্থিত হৈ ঘটনাৰ সৰ্ন্দভত তদন্ত আৰম্ভ কৰে। বেংকৰ চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে বেংকৰ ভিতৰৰ পৰা বেগ লৈ উধাও হোৱা লোকজনক চিনাক্ত কৰিছে।

বেংকৰ ভিতৰৰ পৰাই চোৰে লুটিলে ৪৫লাখ টকা...
ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত “বহাগী ৰং”অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in