চাঞ্চল্যকৰ ! ঘৰৰ সমীপতে যুৱকৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ

dangor kotha
dangor kotha

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ ধিঙত গুলীচালনাৰ ঘটনা ৷ ধিঙৰ উধানতলা চৰত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷ গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক ৷ গুলীবিদ্ধ যুৱকজনৰ নাম ৱাহিদুল ইছলাম ৷

জানিব পৰা মতে উধানতলাৰ ঘৰৰ ওচৰতে ৱাহিদুল ইছলামলৈ তিনি জাঁই গুলীচালনা কৰে ঘাটকে ৷ ইয়াৰে এটা গুলী যুৱকজনৰ পিঠিত আন এটা গুলী মুখত লগা বুলি চিকিৎসকে সন্দেহ প্ৰকাশ কৰিছে ৷ বিয়লি ৪ বজাত সংঘটিত এই গুলীচালনাৰ ঘটনাৰ পিছত গুৰুতৰভাৱে আহত ৱাহিদুৰ ইছলামক নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ৱাহিদুৰৰ ওপৰত চলা গুলীচালনাৰ ঘটনাৰ লগত স্থানীয় ছামিম আক্ৰাম নামৰ লোকজন জড়িত থকাৰ অভিযোগ কৰিছে ৱাহিদুৰৰ পৰিয়ালৰলোকে ৷ ছামিমৰ লগতে আন ৩জন লোকক অভিযুক্ত কৰিছে পৰিয়ালৰলোকে ৷

উল্লেখ্য যে ছামিম আক্ৰামৰ ভাতৃ ইকবালক কেইদিনমানৰ পূৰ্বে অচিনাক্ত লোকে হত্যা কৰিছিল ৷ আৰক্ষীয়ে এই গুলীচালনাৰে উক্ত হত্যাকাণ্ডৰ সম্পৰ্ক আছে নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে চৰৰ ভূমিকেন্দ্ৰিক সংঘাত আৰু ড্ৰাগছৰ বেহাৰ বিষয়টোও তদন্তৰ আওতালৈ আনিছে বুলি জানিবলৈ দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in