শান্তিৰ পথত অসম, শেষ লক্ষ্য আলফা(স্বা): হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা) এতিয়া শান্তিৰ পথৰ অন্তিম লক্ষ্য বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সংগঠনটোৰ সদস্য সকলক মূলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়।

author-image
Asomiya Pratidin
New Update
শান্তিৰ পথত অসম, শেষ লক্ষ্য আলফা(স্বা): হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক: আলফা(স্বা) এতিয়া শান্তিৰ পথৰ অন্তিম লক্ষ্য বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সংগঠনটোৰ সদস্য সকলক মূলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়। বৃহস্পতিবাৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে কয় যে, আলফা(স্বা) ঘূৰি অহাৰ পাছতেই অসম শান্তিৰ স্থল হৈ পৰিব

Advertisment

অসমক শান্তিৰ ভূমিকলৈ পৰিণত কৰাৰ বাবে আলফা(স্বা) হৈছে শেষ লক্ষ্য। আলফা গঠন হোৱা সময়ৰ অসম আৰু আজিৰ অসম একে নহয়। এতিয়া অসম উন্নতিৰ শিখৰলৈ গতি কৰিছে। চৰকাৰে দুৰ্নীতি নিৰ্মূলকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

"মানুহৰ মানসিকতাৰ পৰিৱৰ্তন ঘটিছে আৰু এই পৰিৱৰ্তন আলফা(স্বা)ত প্ৰতিফলিত হ'ব লাগে। মই তেওঁলোকক প্ৰগতিশীল অসমৰ ভেটি স্থাপনৰ বাবে উভতি আহি একেলগে কাম কৰিবলৈ আহ্বান জনাইছো''।

কাৰো দেশপ্ৰেমৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা নাই। কিন্তু নতুন প্ৰজন্মৰ শান্তিৰ পৰিৱেশৰ মাজক ডাঙৰ দীঘল হোৱাৰ অধিকাৰ আছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে বড়ো চুক্তিকে ধৰি অন্য চুক্তিৰ বিষয়েও উল্লেখ কৰে যিয়ে অসমলৈ শান্তি ঘূৰাই অনাত সহায় কৰিছে।

আৰু পঢ়ক: দীৰ্ঘ বিৰতিৰ পাছত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ছাৰ জাডেজাৰ

ulfa i republic day himanta biswa sarma