কামপুৰৰ বিষ্ণুমেলা-দৌল উৎসৱৰ সামৰণি

কামপুৰৰ বিষ্ণুমেলা-দৌল উৎসৱৰ সামৰণি

ডিজিটেল সংবাদ,কামপুৰ : ২৩ মাৰ্চৰ পৰা ৬দিনীয়াকৈ কামপুৰৰ ঐতিহাসিক বিষ্ণুপুৰী থানত আয়োজন কৰা দৌল মহোৎসৱৰ বুধবাৰে বিয়লি মূল কাৰ্যসূচীৰ সামৰণি পৰে। বিগত ৫দিনে হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰে সমগ্ৰ কপিলীৰপাৰ।

উল্লেখ্য যে ৪৭ সংখ্যক বৰ্ষত খোজ পেলোৱা এই ঐতিহ্যমণ্ডিত মহোৎসৱ ভাগৰ দ্বিতীয় দিনা পৰম্পৰা অনুসৰি ১০১গচি বন্তি প্ৰজ্বলন কৰাৰ লগতে শিশুসকলৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হয়। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা অতুল কাকতি আৰু বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নোমল চন্দ্ৰ বৰাই।

ইয়াৰ পিছতে স্থানীয় মহিলা তথা যুৱক-যুৱতীসকলে পৰিবেশন কৰা আৰতিত সমগ্ৰ কপিলীপাৰত ধৰ্মীয় অনুভুতি জাগ্ৰত কৰি তোলে। ইয়াৰ পিছতে এই উৎসৱৰ এইবাৰ বিশেষ আৰ্কষণ শিশু শিল্পীসকলৰ দ্বাৰা প্ৰৰ্দশিত আধুনিক অংকীয়া নাট "কুৰুক্ষেত্ৰত পুত্ৰ হত্যাৰ প্ৰতিশোধ" নাটখনি প্ৰদৰ্শন কৰা হয়।

বিভিন্ন মাংগলিক কাৰ্যসূচীৰ লগতে সাংস্কৃতি কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানসমূহত অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

সামৰণি অনুষ্ঠানটোত উপস্থিত থাকি সাংবাদিক পুলিন কলিতাই পৰ্যটনৰ প্ৰচুৰ সম্ভৱনা থকা এই ঐতিহাসিক থানখনৰ প্ৰতি চৰকাৰে দৃষ্টি দিবৰ বাবে আহ্বান জনায়। উল্লেখ্য যে, জ্যেষ্ঠ সংবাদকৰ্মী তথা অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৰিহণা আগবঢ়োৱা পুলিন কলিতাক তেওঁৰ সাধনা আৰু সেৱাৰ বাবে আজি কামপুৰৰ বিষ্ণুপুৰী থান উন্নয়ন সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

আনহাতে কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰবক্তা পল্লৱী শৰ্মাই কয় যে, শিল হৈছে এখন ঠাইৰ বুৰঞ্জীৰ পৰিচায়ক। তেওঁ কপিলীপাৰৰ মানুহখিনিৰ লগত হৃদয়ৰ পৰা হৃদয়লৈ সেতু গঢ়ি উঠা বুলি কৈ এই অঞ্চলৰ লোকসকলৰ লগত এৰাব নোৱাৰা সম্পৰ্কত বান্ধ খায় পৰা বুলি মন্তব্য কৰে।

আজি মূল কাৰ্যসূচীৰ সামৰণি পৰ্বত কামপুৰৰ ডেকাগাঁৱৰ সংগীত কানন দৃষ্টিহীন মঞ্চৰ হৈ মনি হাজৰিকাকে ধৰি দিব্যাংগ শিল্পীসকলে পৰিবেশন কৰা সংগীতে সকলোকে মুগ্ধ কৰে। উক্ত অনুষ্ঠানত স্থানীয় শিল্পী তনিচপ্ৰীয়া হাজৰিকা আৰু উৰ্বশী হাজৰিকাই গীত পৰিবেশন কৰে।

কামপুৰৰ বিষ্ণুমেলা-দৌল উৎসৱৰ সামৰণি
ধলিত ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰাচিৰা বিহু উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in