/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/102ee14c-250c-4828-9205-e17fc9d173e6/140.jpg)
ডিজিটেল সংবাদ, বেকাজান : সদৌ অসম ঠেঙাল কছাৰী সংগঠন যোৰহাট জিলা সমিতিৰ উদ্যোগত বুধবাৰ তথা চ'ত মাহৰ দ্বিতীয়টো বুধবাৰে তিতাবৰ ন-আলি ধলি, মৰধলি কছাৰী গাঁৱত এদিনীয়া বণাৰ্ঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ঠেঙাল কছাৰীসকলৰ জাতীয় উৎসৱ তৰাচিৰা বিহু উদযাপন কৰা হয় । এই উপলক্ষে পুৱা স্মৃতি তৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/99237c53-7061-45ea-a925-5afe28b58d18/81d09713_a101_4563_97f6_ab179223a95b.jpg)
আনহাতে বৃক্ষৰোপণ কৰে নলীন শইকীয়াই। ইয়াৰ পিছত জনগোষ্ঠীৰ বুঢ়া-মেঠাসকলে ওচৰত হাবি লৈ গৈ পৰম্পৰাগত তৰা গছ সংগ্ৰহ,মৎস্য আৰু পহু চিকাৰ প্ৰতীকী নৃত্য প্ৰদৰ্শন কৰে।
ইয়াৰ পিছত তৰাচিৰা বিহুৰ বাকৰিত হুঁচৰি গাই ঠেঙাল কছাৰীসকলৰ বিহু নৃত্য প্ৰদৰ্শন কৰে। দুপৰীয়া বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ঠেঙাল কছাৰী জনগোষ্ঠীৰ ভূমিকা শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/2db954d3-fc74-4d99-a335-5eb57dc18242/86c79475_898b_4deb_b5a8_86fe8cc4080d.jpg)
আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ সভাপতি দেৱৰ্ষি মোহন নেওগ,উত্তৰ পূব সীমান্ত ৰে'লৱে মুখ্য বাণিজ্য প্ৰৱন্ধক লক্ষেশ্বৰ কছাৰী, অধ্যাপক হেমেন্দ্ৰ ঠেঙ্গাল, কবি পৰাগজ্যোতি মহন্ত , ৰণজিত গগৈ , সাংবাদিক চক্ৰসেন গগৈ , নৱাৱ মুস্তাফা , সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা , অনিমা শইকীয়া , আদি ।
বিয়লি বিনয় শইকীয়াৰ ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ বীৰাংগনা বীণা বড়াৰ জীৱন ভিত্তিত ৰচিত নাটক আইধন মঞ্চস্থ কৰা হয়। অনুষ্ঠানটিত পাঁচ শতাধিক লোক উপস্থিত থাকে।
Also Read: সুৰাপায়ীৰ বাবে দুঃখবৰ : ৰঙালী বিহুৰ পূৰ্বে বৃদ্ধি পাব সুৰাৰ দাম