/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/8ih9vttw/PIJUSH-20.jpg)
নগাঁও পলিটেকনিকত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন...
ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মহাৰাষ্ট্ৰত পি এম বিশ্বকৰ্মা আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ লৈ আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলৰ বাবে প্ৰমাণ পত্ৰ আৰু ঋণ মুকলি কৰি দিয়ে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি নগাঁও পলিটেকনিকত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অংশ লয় আৰু ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীৰ লাইভ অনুষ্ঠান প্ৰত্যক্ষ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/10v5nw3k/078d6b98-699d-4b27-ad72-57614d744478.jpg)
উল্লেখ্য যে, বিগত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রী মোডীয়ে শুভাৰম্ভ কৰা এই আঁচনিয়ে হাত আৰু সঁজুলিৰে কাম কৰা ১৮টা ব্যৱসায়ৰ থলুৱা শিল্পী তথা ব্যক্তিসকলক প্ৰশিক্ষণ আগবঢ়োৱাৰ লগতে ঋণ লাভ কৰাত সহায় আগবঢ়ায়। নগাঁও পলিটেকনিকত অনুষ্ঠিত পি এম বিশ্বকৰ্মা আঁচনিৰ এই বৰ্ষপূৰ্তি কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী হাজৰীকাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ উন্নয়নৰ বাবে সদা তৎপৰ হৈ থাকে আৰু পি এম বিশ্বকৰ্মা আঁচনিখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এনে তৎপৰতাৰ অন্যতম নিদৰ্শন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/nwhsxj65/c84adcc5-5d95-4638-b5be-9db67e037b1b.jpg)
আমাৰ সমাজৰ কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী আদিকে ধৰি কাম কৰি খোৱা ব্যক্তিসকলক বিশেষ আঁচনিৰ অধীনত সামৰি প্ৰশিক্ষণ আদি দিয়াৰ লগতে তেওঁলোকৰ আৰ্থিক উপাৰ্জন ত্বৰাম্বিত কৰাৰ বাবে পূৰ্বে কোনো চৰকাৰে চিন্তা কৰা নাছিল বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই একমাত্ৰ মোডী ডাঙৰীয়াৰ বাবেহে এয়া সম্ভৱ হৈ উঠা বুলি উল্লেখ কৰে। আজিৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে পি এম বিশ্বকৰ্মাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা বহুকেইজন ব্যক্তিক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/8w20j8yj/27b688a5-e5c7-453c-b068-187789f8f921.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/mdmdd9fs/c80f9c79-913c-4332-bd25-bb9ad1836fe3.jpg)
Also Read: নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছহিদ দিৱসত জনজাতিকৰণ, স্বায়ত্ব শাসনৰ দাবী...