/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/5fbxe7yf/nath-20.jpg)
নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছহিদ দিৱসত জনজাতিকৰণ, স্বায়ত্ব শাসনৰ দাবী...
ডিজিটেল সংবাদ চাপৰঃ আজি ছহিদ দিৱস। ১৯৪২ ছনৰ ভাৰত ত্যাগ আন্দোলনৰ সেই দিনটোক সোঁৱৰি আজি চাপৰৰ শালকোচাত নাছ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ছহিদ দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিছে। শালকোচাৰ দৌল মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা এই ছহিদ দিৱসৰ কাৰ্যসূচীত ৰাজ্যৰ কেইবাটাও দল, সংগঠনৰ নেতা উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/8xov19zm/273c1c3c-e9b3-4e0a-a3a1-5d67c29a4221.jpg)
উল্লেখ্য যে,১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ঢেকীয়াজুলি থানা চৌহদত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ ছহিদ হোৱা নাথ সম্প্ৰদায়ৰ মনবৰ নাথৰ স্মৃতিত প্ৰতিবছৰে নাথ যোগী সন্থাই আজিৰ দিনটোতে ছহিদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে।
এদিনীয়াকৈ অনুষ্ঠিত হোৱা আজিৰ এই ছহিদ দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে নাথ যোগীসকলৰ কলা, কৃষ্টি, সাংস্কৃতি প্ৰদৰ্শনেৰে এক শোভাযাত্ৰাও উলিওৱা হয়। ইয়াৰ পূৰ্বে অনুষ্ঠানত পুৱা পতাকা উত্তোলন, ছহিদ তৰ্পন, জাতীয় ছহিদ মানবৰ নাথৰ প্ৰতিচ্ছবিৰ লগতে গুৰু গোৰক্ষ নাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আদি কাৰ্যসূচীও অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/6filamoz/3e01a8e2-7ccd-4739-af28-9e2a280e0753.jpg)
ইয়াৰ পিছত অনুষ্ঠিত হয় মুকলি সভা। এই সভাত অংশগ্ৰহণ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছা, আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথ, কে এ চিৰ কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়, অনন্যা কাশ্যপ, আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি শ্বাহনাৱাজ হুছেইন, সুত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতিকে ধৰি বহু গণ্য মান্য ব্যক্তি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/lscr1sg8/e8ccfcb1-95e5-417d-b9a0-482211f78d9b.jpg)
মুকলি সভাত ভাষণ প্ৰসংগত নাথ যোগী ছাত্ৰ সন্থায় ছহিদ মানবৰ নাথৰ স্মৃতিত এখন মেডিকেল কলেজ নামাকৰণ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে। ইয়াৰ উপৰি নাথ যোগী সম্প্ৰদায়ৰ লোকসকলক চৰকাৰে অবহেলা কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ ক্ষোভ উজাৰে চৰকাৰৰ বিৰুদ্ধে।
তাৰোপৰি শীঘ্ৰেই চৰকাৰে নাথ যোগীসকলক জনজাতীয় মৰ্যদা প্ৰদান কৰাৰ লগতে নাথ যোগী সম্প্ৰদায়ৰ লোকসকলৰ বাবে উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদো গঠন কৰাৰ দাবী উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/48a60p4m/7418d241-a47d-4cb3-ae2c-665b17b405b8.jpg)
Also Read: গৰমে দহিছে ৰাজ্যঃ গুৱাহাটীত সলনি বিদ্যালয়ৰ পাঠদানৰ সময়...