নগাঁৱত সদৌ অসম আন্তঃজিলা ল’ৰা হকী প্ৰতিযোগিতা...

নগাঁৱত সদৌ অসম আন্তঃজিলা ল’ৰা হকী প্ৰতিযোগিতা...

ডিজিটেল সংবাদ ,নগাঁওঃ মিছাত অনুষ্ঠিত চতুৰ্দশ ছাৱ-জুনিয়ৰ সদৌ অসম আন্তঃ জিলা ল’ৰা হকী প্ৰতিযোগিতাত নগাঁও দলে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷ মঙলবাৰে অনুষ্ঠিত ফাইনেল খেলত নগাঁৱে সুন্দৰ খেল প্ৰদৰ্শন কৰি বিগত বৰ্ষৰ চেম্পিয়ন কলিয়াবৰক ৩-১ গ’লত পৰাস্ত কৰে৷

দলটোৰ আমানত আলীয়ে দুটা আৰু সূৰজ ঠাকুৰে এটা গল দিয়াৰ বিপৰীতে কলিয়াবৰে একমাত্ৰ গলটো পৰিশোধ কৰে৷ ইয়াৰ আগেয়ে ছেমিফাইনেলত নগাঁৱে মৰিগাঁৱক ৫-১ আৰু কলিয়াবৰে শিৱসাগৰক ৫-০ গলত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে৷ আনহাতে, তৃতীয় স্থানাধিকাৰী খেলখনত মৰিগাঁৱে শিৱসাগৰক ন্যূনতম গলেৰে পৰাস্ত কৰে৷

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে নগাঁৱৰ চাদিক আহমেদ , সৰ্বাধিক (৯টা) গলদাতাৰূপে নগাঁৱৰ ৰিংকু বৰ্মন আৰু শ্ৰেষ্ঠ সম্ভাৱনাপূৰ্ণ খেলুৱৈ ৰূপে নিৰ্বাচিত হয় কলিয়াবৰৰ আদিত্য ঠাকুৰে ৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখনৰ অন্তত নাছিৰউদ্দিন আহমেদে আঁত ধৰা সামৰণী অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয় ।

নগাঁৱত সদৌ অসম আন্তঃজিলা ল’ৰা হকী প্ৰতিযোগিতা...
তামিলনাডু ডাঃ এম জি আৰ মেডিকেল ইউনিভাৰ্ছিটিত বক্তৃতা প্রদান ডাঃ সুভাষ খান্নাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in