/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c86b44bd-86cd-4125-8c00-4b0f75516c10/4.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে তামিলনাডু ডাঃ এম জি আৰ মেডিকেল ইউনিভাৰ্ছিটিত বিনায়ক মিছনৰ সহযোগত 'ৰ'ব'টিক্ এণ্ড আর্টিফিচিয়েল ইন্টেলিজেন্স ইন মেডিচিন' বিষয়ত এখন বক্তৃতা অনুষ্ঠানৰ হৈ যায়। প্রখ্যাত চিকিৎসক এ ছনমুগাসুন্দৰম সোৱৰণী বক্তৃতা প্রদান কৰে বিশিষ্ট বক্তা হিচাপে উপস্থিত থকা গুৱাহাটীৰ স্বাগত ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ চি এম অ' অধ্যাপক ডাঃ সুভাষ খান্নাই।
এই বক্তব্যত চিকিৎসা প্রযুক্তিৰ শেহতীয়া উদ্ভাৱনক লৈ তেওঁ ৰ'ব'টিক ছাৰ্জাৰীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতক লৈ সাৰুৱা ভাষণ প্রদান কৰে। বিশ্ববিদ্যালয়খনৰ ছিলভাৰ জুবলী অডিটৰিয়ামত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত ৮ শতাধিক শিক্ষার্থীৰ লগতে চিকিৎসা বিশেষজ্ঞ আৰু আগ্রহী দর্শকসকলে অংশগ্রহণ কৰে।উদ্ভাৱনীমূলক অস্ত্রোপচাৰৰ কৌশলৰ জ্ঞানেৰে সমৃদ্ধ ডাঃ খান্নাই উপস্থিত লোকসকলক ৰ'ব'টিক ছাৰ্জাৰী সন্দর্ভত বিভিন্ন তথ্য অৱগত কৰাৰ লগতে স্বাস্থ্য সেৱাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়টো আলোকপাত কৰে।
অনুষ্ঠানত আদৰণী ভাষণ পাঠ কৰে বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ ডাঃ পি অৰুমুগমে। ইয়াৰ পিচতেই সভাপতিৰ ভাষণ পাঠ কৰে ডাঃ কে নাৰায়নাস্বামীয়ে। অধ্যাপক ডাঃ খান্নাৰ বক্তব্যত চিকিৎসা আৰু প্ৰযুক্তিৰ সংযোগৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। বক্তব্যৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ ডীন ডাঃ আৰ সুধাই।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰে তামিলনাডুৰ কিৰুপানন্দ ৱেৰিয়াৰ ইঞ্জিনীয়াৰিং কলেজৰ অধ্যক্ষ ডাঃ এ নাগাপ্পন, এ ভি গ্রুপ অব্ ইনষ্টিটিউচনৰ মুৰব্বী তথা চি আই আৰ ডাঃ এন লক্ষ্মীমোহন আৰু বিনায়ক মিছনৰ ন্যাসৰক্ষীসকলে। এই অনুষ্ঠানত অধ্যাপক খান্নাৰ সৈতে মঞ্চত উপস্থিত আছিল পুডুচেৰীৰ এ ভি মেডিকেল কলেজ এন্ড হাস্পতালৰ ডীন অধ্যাপক ৰাকেশ ছেহগল, টি এন এম জি আৰ এম ইউৰ ৰেজিষ্টাৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3656ac10-c0d3-4dbd-a57d-1dc3f6b4bcfe/d15762b3_c853_4a43_8df5_900314c954f9.jpg)
ভাৰতৰ চিকিৎসা সেৱা আৰু গৱেষণাৰ অগ্রণী এই প্রতিষ্ঠানখন চেন্নাইৰ গিন্ডীত অৱস্থি। এইখন হৈছে ভাৰতৰ দ্বিতীয় বৃহৎ চিকিৎসা বিজ্ঞানৰ বিশ্ববিদ্যালয়। তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী এম জি ৰামচন্দ্ৰন (এম জি আৰ)ৰ নামৰ প্রতিষ্ঠিত টি এন এম জি আৰ এম ইউ অধীনত আছে ৫৯ খন চিকিৎসা মহাবিদ্যালয়।
উক্ত বক্তৃতানুষ্ঠানত ডাঃ এ ছনমুগসুন্দৰমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অর্পণ কৰা হয়। এগৰাকী দানী ব্যক্তি হিচাপে পৰিচিত হোৱাৰ লগতে তেওঁ ১৯৮১ চনত থিৰুমুৰগা কিৰুপানাণ্ডা ৱেৰিয়াৰ থাভিথিৰু সুন্দৰাস্বামীগাল মেডিকেল এডুকেচনেল এণ্ড চেৰিটেবল ট্রাষ্ট আৰু বিনায়ক মিছন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল স্থাপন কৰিছিল।
দৰিদ্ৰ শ্ৰেণীৰ লোকক ব্যয়সাধ্য মূল্যত চিকিৎসা সেৱা প্ৰদানৰ বাবে বিনায়ক মিছন ডীল্ড ইউনিভার্হিটিৰ প্ৰতিষ্ঠাপক অধ্যক্ষই এই পদক্ষেপ গ্রহণ কৰিছিল। ডাঃ এ ছনমুগসুন্দৰমৰ নামত এই শিক্ষা প্রতিষ্ঠানত এখন আসনৰো ব্যৱস্থা কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু প্রয়োগৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক পদক্ষেপ গ্রহণ কৰি অহা বিশ্ববিদ্যালয়খনৰ বাবে এই বক্তৃতানুষ্ঠান বিশেষভাৱে গুৰুত্বপূর্ণ আছিল। অংশগ্ৰণকাৰীসকলে এই অনুষ্ঠানৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ ভৱিষ্যৎ সলনি কৰিব পৰা ৰ'ব'টিছ আৰু কৃত্রিম বুদ্ধিমত্তা সন্দৰ্ভত বিস্তৃত জ্ঞান লাভ কৰে।
Also Read: ঢকুৱাখনাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দুৰ্গা প্ৰসাদ আগৰৱালাৰ বিয়োগত শোক...