/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3a32f234-e8f8-4b26-a431-5a8fac533717/2.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূব জামুগুৰিৰ আঢ়ৈশ বছৰ গৰকা ঐতিহ্যমণ্ডিত নামঘৰ ভাগৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ হয় ধৰ্মধ্বজা উত্তোলন , ভাগৱত পাঠ আৰু মহানাম মহোৎসৱ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/82074b4c-ae90-4d7b-86f6-4e6b18245085/8c10e70f-5990-4ed9-95c3-da7b1c5e36ce.jpg)
ঐতিহ্যণ্ডিত নামঘৰটিৰ প্ৰাংগণত শনিবাৰে পুৱা পৰিৱেশ নিকাকৰণৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে শংকৰী সাধক, অৱসৰপ্ৰাপ্ত শিক্ষক অনিল চন্দ্ৰ নাথে ৷ তাৰ পিছতে মহিলাসকলৰ দিহানামেৰ পৰিবেষ্টিত হৈ ভাগৱত শোভাযাত্ৰাৰে সমগ্ৰ অঞ্চল কৃষ্ণনামৰ ধৰ্ব্বনিৰে মুখৰিত হৈ পৰে ৷ ইয়াৰ পিছতে আইসকলৰ থিয় নাম, দিহানামকে ধৰি হৰিনামৰে ধ্বনিৰে সমগ্ৰ নামঘৰ প্ৰাংগণ ভক্তিৰসত বুৰ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/393c0fe3-4295-4c82-b802-31aca289935e/36ad1e4e-8a19-424d-88dc-2b115f1c021e.jpg)
দুপৰীয়া অনুষ্ঠিত হয় খোল প্ৰসংগ আৰু নাম প্ৰসংগ । উক্ত অনুষ্ঠানৰ পাছতে নামঘৰ প্ৰাংগনত মহিলাসকলে বৰুন দেৱতাক বৰষুণৰ বাবে প্ৰাৰ্থনা জনাই ৷ প্ৰবীণ অনাঁতাৰ শিল্পী গম্ভীৰ নাথ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তিলেশ্বৰ নাথে আতঁধৰা সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ একুৰি অধিক ছাত্ৰ-ছাত্ৰীক সম্বদ্ধৰ্না পত্ৰ, ফুলাম গামোচাৰে সম্বদ্ধৰ্না জনোবা হয় ৷
ইয়াৰ পাছতে বিয়লি ভাগৱত পাঠ কৰে মৰিগাঁৱৰ মেঘৰাম নাথ,জ্যোতিপ্ৰসাদ নাথ (জন্মী),অনিল নাথকে ধৰি কেইবাজনো পাঠক আৰু ব্যাখ্যা কাৰকে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0c6990e3-f62b-4b69-aebd-395bb22b1e19/f8245f4c-849b-467b-af23-bb5597de8c71.jpg)
আনহাতে অনাতাঁৰ শিল্পী গম্ভীৰ নাথে আতঁধৰা আৰু পৰিচালনা কৰা অনুষ্ঠানটিত সমাজকৰ্মী বিৰচিং নাথ,সৰুৰাম নাথ,হিৰেণ নাথ,তিলেশ্বৰ নাথ,গুনেন্দ্ৰ নাথ,লক্ষেশ্বৰ নাথ,কিৰণ নাথ,টংকেশ্বৰ নাথ,প্ৰদীপ নাথ,হৰিচৰণ নাথ,অম্বিক নাথকে ধৰি প্ৰায় পাঁচ শতাধিক আই-মাতৃ লগতে ভক্তিপ্ৰাণ ৰাইজ উপস্থিত থাকে ৷ নিশা অবিৰতভাৱে ভাগৱত পাঠ চলি থকা অন্তত দেওবাৰে পুৱা খোল প্ৰসংগ আৰু দুপৰীয়া মহানাম মহোৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব ৷
Also Read: উৎকট গৰম, দহিছে দেহাঃ গা শাত পেলোৱাত তৰমুজ ৰজা...