বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি হয়বৰগাঁও টাউন আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি...

বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি হয়বৰগাঁও টাউন আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি...

author-image
Asomiya Pratidin
New Update
বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি হয়বৰগাঁও টাউন আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি...

বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি হয়বৰগাঁও টাউন আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ নগাঁও: নগাঁও চহৰৰ হয়বৰগাঁও টাউন আৰক্ষী চকীত আজি এগৰাকী বোৰীৰৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নগাঁও চহৰৰ সমীপৱৰ্তী শেনচোৱাৰ অংকিতা সিং নামৰ এগৰাকী বোৱাৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আজি বিয়লি মৃত্যু হোৱাৰ পাছত সন্ধিয়া মৃতদেহ শেনচোৱাৰ মাতৃগৃহত পোৱাৰ লগে লগেই স্থানীয় ৰাইজ স্বামী গৃহৰ বিৰূদ্ধে ক্ষুন্ন হৈ পৰে।

ইয়াৰ পাছতে স্থানীয় ৰাইজে হয়বৰগাঁও আৰক্ষী চকীত উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী জনোৱাৰ লগতে বোৱাৰীগৰাকীৰ স্বামী আৰু শাহুয়েকক গ্ৰেপ্তাৰৰ দাবী জনাই পৰিস্থিতি উত্তাল কৰি তোলে। জানিব পৰা মতে, নগাঁও চহৰৰ সমীপৱৰ্তী শেনচোৱাৰ অংকিতা সিঙৰ লগত তিনি বছৰৰ পূৰ্বে নগাঁও চহৰৰ মাজৰআটিৰ মনোজ ডেকাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল।

পৰিয়ালৰ অভিযোগ অনুসৰি বিয়াৰ কিছুদিনৰ পাছৰে পৰা স্বামী মনোজ আৰু শাহু সবিতা ডেকাই অংকিতা ডেকাৰ ওপৰত মানসিক আৰু শাৰীৰিক অত্যাচাৰ আৰম্ভ কৰে। শেহতীয়াকৈ দুৰ্ভগীয়া অংকিতা ডেকাৰ ওপৰত অত্যাচাৰ দুগুনে বৃদ্ধি পায় আৰু অত্যাচাৰ ফলত ৰুগীয়া হৈ পৰা বোৱাৰীগৰাকীক চিকিৎসা কৰাৰ পৰিৱৰ্তে এসপ্তাহৰ পূৰ্বে সন্ধিয়া মাতৃগহৰ ওচৰত স্বামীৰ এজন সম্পৰ্কীয় ব্যক্তিয়ে মটৰচাইকেলত নি এৰি থৈ আহে।

পাছত স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক মুমূৰ্খ অৱস্থাত উদ্ধাৰ কৰি ইয়াৰ পাছদিনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰে। কিন্তু চিকিৎসাধীন অৱস্থাতেই আজি বিয়লি বোৱাৰীগৰাকীৰ মৃত্যু হয়।

স্থানীয় লোকে এই ঘটনাক ৰহস্যজনক আখ্যা দি স্বামী আৰু শাহুৰ দ্বাৰাৰ নিৰ্যাতনৰ বলি হৈ বোৱাৰীগৰাকীয়ে মৃত্যুক সাৱটি লয় বুলি অভিযোগ কৰে। উল্লেখযোগ্য যে, তেওঁলোকৰ এটি দুবছৰীয়া কন্যা সন্তানো আছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে হয়বৰগাঁও আৰক্ষী চকীত অভিযোগ দাখিল কৰিছে।

Also Read: কৰিমগঞ্জত ২৫ শতাংশ কমিচনেৰে ২০০০ টকীয়া নোট সলনি কৰা চক্ৰ উৎখাত...

হয়বৰগাঁও টাউন আৰক্ষী