কৰিমগঞ্জত ২৫ শতাংশ কমিচনেৰে ২০০০ টকীয়া নোট সলনি কৰা চক্ৰ উৎখাত...

৫০ লাখ টকা জব্দ

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত ২৫ শতাংশ কমিচনেৰে ২০০০ টকীয়া নোট সলনি কৰা চক্ৰ উৎখাত...

কৰিমগঞ্জত ২৫ শতাংশ কমিচনেৰে ২০০০ টকীয়া নোট সলনি কৰা চক্ৰ উৎখাত...

ডিজিটেল সংবাদ কৰিমগঞ্জঃ কৰিমগঞ্জ আৰক্ষীয়ে আজি পুৰণি ২,০০০ টকাৰ নোট সলনি কৰাৰ এটা ৰেকেট উৎখাত কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে এই চক্ৰটোৰ পৰা ৫০ লাখ টকা জব্দ কৰিছে।

Advertisment

আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে মুঠ ৬ জন লোকক। তেওঁলোকৰ ভিতৰত আছে এজন বেংক মেনেজাৰো। আৰক্ষীয়ে তেওঁলোকৰ পৰা ৫০০ টকীয়া নোটৰ ৫০ লাখ টকা উদ্ধাৰ কৰিছে। জব্দ কৰিছে দুখন বাহনো।

উল্লেখ্য যে, কৰিমগঞ্জৰ ৰাতাবাৰী আৰক্ষীয়ে গোচপ সূত্ৰৰ আধাৰত খবৰ লাভ কৰিছিল হাইলাকান্দিৰ এটা চক্ৰই পুৰণি ২০০০ টকীয়া নোট অবৈধভাৱে সলনি কৰিবলৈ আহিছে। এই খবৰৰ পিছতে আৰক্ষীয়ে অভিযান চলাই হাইলাকান্দিৰ কানাড়া বেংকৰ মেনেজাৰ জেছৰাজ ডেকা, ঋণ বিষয়া চিনলাল মৌন, বৰপেটাৰ ৰকিবুল হাছান, নলবাৰীৰ দীপজ্যোতি বেজবৰুৱাসহ দুখন বাহনৰ চালক ক্ৰমে আনৱাৰ হুছেইন লস্কৰ আৰু মহম্মদ চাৰিফুল আলম খানক ৰাতাবাৰী কাজিৰ বজাৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে।

এই চক্ৰটোৱে পুৰণি ২০০০ টকীয়া নোট সলনি কৰাৰৰ বিনিময়ত ২৫ শতাংশ কমিচন হিচাপে আদায় লয়। ২০০০ টকীয়া নোটবোৰ বেংকৰ জৰিয়তে গুৱাহাটীৰ ৰিজাৰ্ভ বেংকত জমা কৰে আৰু তাৰ বিনিময়ত নতুন বৈধ নোট সংগ্ৰহ কৰে। অৱশ্যে এই অভিযানৰ সময়ত চক্ৰটোৰ মাষ্টাৰমাইণ্ড নাছিম নামৰ লোকজনে ২,০০০ টকাৰ নোটৰ এটা বেগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Also Read: দৰঙত জিলা উন্নয়ন সমিতিৰ সভা সম্পন্ন...

অপৰাধ