নগাঁৱৰ ৰাজপথত উত্তেজনা : জনতাই আবদ্ধ কৰি ৰাখিলে আৰক্ষীক

নগাঁৱৰ ৰাজপথত উত্তেজনা : জনতাই আবদ্ধ কৰি ৰাখিলে আৰক্ষীক

ডিজিটেল সংবাদ,নগাঁও : উত্তাল নগাঁৱৰ ৰাজপথ ৷ আৰক্ষীক আবদ্ধ কৰি ৰাখিলে জনতাই ৷ প্ৰায় এঘন্টা ধৰি আৰক্ষী আৰু আৰক্ষী বাহন আবদ্ধ কৰি ৰখাই নহয় নগাঁও আৰক্ষী মুৰ্দাবাদ প্ৰদান কৰা পৰিলক্ষিত হয় ৷ সিমানে নহয় উত্তেজিত জনতাই আৰক্ষীয়ে সংঘাটত লিপ্ত হয় ৷

জানিব পৰামতে কেঞাপট্টিত আৰক্ষীৰ এখন বাহনে এজন চাইকেল আৰোহীক পিছ ফালৰ পৰা খুন্দা মাৰে ৷ এ এছ ৩০ ৯২৩২ নম্বৰৰ বাহনখনে দ্বীপেন গগৈ নামৰ লোকজনক খুন্দা মৰাত গগৈ ৰাজপথত চিটিকি পৰে ৷ এই ঘটনাৰ পিছত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পৰা আৰক্ষীৰ লোকে আহত গগৈক ধমক দিয়াত উপস্থিত লোকে আৰক্ষীক জবাবদিহি কৰে ৷

আৰক্ষীৰ লোকে ৰাইজৰ লগত তৰ্কত লিপ্ত হোৱাত পৰিস্থিতি অৱনতি ঘটে ৷ বিশেষকৈ গাড়ী চালকে নিচাসক্ত অৱস্থাত দুৰ্ঘটনাটো সংঘটিত কৰাৰ অভিযোগ আনি উত্তেজিত লোকে আৰক্ষীৰ দলটোক আবদ্ধ কৰে ৷ পৰিস্থিতিৰ অৱনতি ঘটাত অতিৰিক্ত আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হোৱাত তেওঁলোককো আবদ্ধ কৰে জনতাই ৷

পিছত আৰক্ষীয়ে আহত দ্বীপেন গগৈক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীৰ চালকজনক জিম্মাত লয় ৷

নগাঁৱৰ ৰাজপথত উত্তেজনা : জনতাই আবদ্ধ কৰি ৰাখিলে আৰক্ষীক
ৰামক চিন্তি নিৰ্বাচনী প্ৰস্তুতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in