চোকা অস্ত্ৰৰে টেম্প' চালকক ঘপিয়াই হত্যা : এজনক আটক

চোকা অস্ত্ৰৰে টেম্প' চালকক ঘপিয়াই হত্যা : এজনক আটক

author-image
Asomiya Pratidin
New Update
চোকা অস্ত্ৰৰে টেম্প' চালকক ঘপিয়াই হত্যা : এজনক আটক

ডিজিটেল ডেস্ক : পুনৰ ৰাজ্যত সংঘটিত হৈছে হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনা। এইবাৰ ঘটনাৰ স্থান হোজাই। হোজাইত সংঘটিত হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।

জানিব পৰামতে, হোজাইৰ উত্তৰ বিদ্যানগৰৰ এজন টেম্প' চালকক চোকা দা'ৰে ঘপিয়াই হত্যা কৰা হৈছে। থিতাতে নিহত হোৱা চালকজনৰ নাম নিখিল দাস। এই ঘটনা সন্দৰ্ভত মানিক দে' নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰিছে।

আনহাতে প্ৰত্যক্ষদৰ্শীয়ে প্ৰদান কৰা ভাষ্য অনুসৰি, হত্যাৰ পূৰ্বে দুয়ো তৰ্কযুদ্ধত লিপ্ত হৈছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে হোজাই আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত প্ৰক্ৰিয়া।

Also Read: জিলা পৰ্যায়ত স্কুল পৰিদৰ্শক আৰু একাংশ প্রাথমিক শিক্ষা বিষয়াক ৰদবদল

crime Hojai Police Assam police