/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0fa7a23b-dbb8-4b8e-a499-ef4e087461d4/teer_mafia_14.jpg)
আৰক্ষীৰ জালত তীৰ মাফিয়া...
ডিজিটেল সংবাদ নগাঁও: তীৰ মাফিয়া দীনেশ বাচফৰ পৰিল আৰক্ষীৰ জালত ৷ নগাঁৱৰ হয়বৰগাঁও এলেকাত দীৰ্ঘ দিনে তীৰ খেল চলাই আহিছিল দীনেশে ৷
নগাঁও টাউন শাখাই দীনেশক সন্ধ্যা হয়বৰগাঁৱৰ পৰা কৰায়ত্ত কৰে ৷ হয়বৰগাঁও টাউন আৰক্ষী চকীৰ এলেকাৰ পৰা দীনেশক কৰায়ত্ত কৰি টাউন শাখাই জেৰা চলাই আছে ৷
আৰক্ষীৰ সূত্ৰ মতে দীনেশ বাচফৰৰ জিম্মাৰ পৰা নগদ ধন, তীৰৰ বহী আদি জব্দ কৰে৷