
ডিজিটেল সংবাদ নুমলীগড়: দেৱালীৰ আনন্দ উল্লাসৰ মাজতেই গোলাঘাটৰ মৰঙিৰ ১নং উল্টাজানত সংঘটিত হৈছে এক ৰহস্যজনক হত্যাকাণ্ড। বীৰ্চা ওৰাং নামৰ এজন লোক পৰিয়ালৰ হাততে হত্যাৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, বীৰ্চা ওৰাং নামৰ এই লোকজনৰ মৃতদেহ বাগানৰ কোৱাৰ্টাৰৰ চোতালত উদ্ধাৰ হৈছে। মৃতদেহটো গাত ধুলিৰে লুতুৰি পুতুৰি হৈ আছে। সেই ফালৰ পৰা পৰিয়ালৰ লোকে সন্দেহ কৰিছে লোকজনক পত্নী আৰু পত্নীৰ পৰিয়ালৰ লোকে ক'ৰবাত হত্যা কৰি চোচৰাই আনি এইদৰে চোতালত পেলাই থৈছে।
বীৰ্চা ওৰাংৰ ভাতৃৰ ভাষ্য অনুসৰি সোমবাৰে দীপাৱলী উপলক্ষে তেওঁ নিজৰ বাসগৃহলৈ গৈ পূজাত অংশগ্ৰহণ কৰিছিল আৰু পূজাৰ পৰা সোনকালেই কোৱাৰ্টাৰলৈ ঘূৰিছিল। লগত সন্তান আৰু পত্নীলৈ লৈ আনিছিল খাদ্যৰ টোপোলা। কিন্তু পুৱা তেওঁৰ মৃতদেহ কোৱাৰ্টাৰৰ চোতালত উদ্ধাৰ হয়।
সেয়েহে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত স্থানীৰ বগীজান আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে।