/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6202715e-3dad-4bf2-8116-2cfbe443c34f/80.jpg)
কামপুৰত সংঘটিত পথ দুৰ্ঘটনাত শিক্ষকৰ মৃত্যু।
দুৰ্ঘটনাত নিহত শিক্ষকগৰাকীৰ নাম হৈছে গুণকান্ত বৰা।
বকুলগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক আছিল গুনকান্ত বৰা ।
বুধবাৰে বিয়লি চিমলাই বজাৰত বজাৰ কৰি ঘূৰি অহাৰ অৱস্থাত দুৰ্ঘটনাত পতিত হয়।
কামপুৰ থানাৰ অন্তৰ্গত বকুলগুৰী তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা।
শিক্ষকজনৰ বাইক আৰু এখন টাটা ম'বাইলৰে হৈছিল মুখামুখি সংঘৰ্ষ।
গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈছিল শিক্ষক বৰা।
পিচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিক্ষকজনৰ।
শিক্ষক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে।
Also Read: মৰণফাণ্ডত পৰিণত মালিনীপুৰ ১ নং শলখনি কালভাৰ্ট : শীঘ্ৰে নিৰ্মাণৰ দাবী