মৰণফাণ্ডত পৰিণত মালিনীপুৰ ১ নং শলখনি কালভাৰ্ট : শীঘ্ৰে নিৰ্মাণৰ দাবী

মৰণফাণ্ডত পৰিণত মালিনীপুৰ ১ নং শলখনি কালভাৰ্ট : শীঘ্ৰে নিৰ্মাণৰ দাবী

author-image
Asomiya Pratidin
New Update
মৰণফাণ্ডত পৰিণত মালিনীপুৰ ১ নং শলখনি কালভাৰ্ট : শীঘ্ৰে নিৰ্মাণৰ দাবী

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ অঞ্চলৰ মালিনীপুৰ পঞ্চায়তৰ বিধস্ত পথে জুৰুলা কৰিছে গঞা ৰাইজক। পঞ্চয়তখনৰ সকলোতকৈ ব্যস্তময় ফুলবাৰীৰ পৰা শলখনি হৈ মাদুৰিপথাৰলৈ যোৱা পথৰ এটা কালভাৰ্টৰ দুৰৱস্থাই জলা-কলা খুৱাইছে।

Advertisment

লিকাবালী শুকান নলাৰ পৰা অহা ভয়ংকৰ বানে অলপতে বিধস্ত কৰে গুৰুত্বপূৰ্ণ কালভাৰ্টটো। ঘগৰা, মাজগাও, আদি বস্তি, ফুলবাৰী, শলখনি, কললোৱা, মাদুৰিপথাৰ, জীপু আদিলৈ যোৱা একমাত্ৰ পথটোৱে নিতৌ শ - শ ছাত্ৰ ছাত্ৰীৰ লগতে অজস্ৰ ৰাইজ অহা যোৱা কৰে।

পিছে কালভাৰ্টৰ ভয়ংকৰ অৱস্থাৰ বাবেই ব্যাহত হৈ আছে যাতায়ত। বানত কালভাৰ্টটোৰ পশ্চিম দিশতো ফাঁট মেলি দুডোখৰ হৈছে। ওপৰৰ অংশটো সৃষ্টি হ'ল এক বৃহৎ ফাঁট। যি কোনো মূহুৰ্তত খহি ধুলিসাৎ‌ হ'ব পাৰে গোটেই কালভাৰ্টটো।

এই অংশতে ইতিমধ্যে সংঘটিত হ'ল কেবাটাও গুৰুতৰ দুৰ্ঘটনা। উপায়বিহীন ৰাইজে বাঁহৰ জেং পুতি বন্ধ কৰি ৰাখিছে অহা যোৱা। ১২ বছৰৰ পূৰ্বে নিৰ্মীত পি এম জি এচ ৱাই পথৰ বান বিধস্ত কলভাৰ্তটোৰ কথা সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাইজে কেইবাবাৰো অৱগত কৰাইছে যদিও আজি পৰ্যন্ত বিভাগীয় অথবা ৰজাঘৰৰ কোনো লোক খোজ দিবলৈ যোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ তুলি আক্ষেপ প্ৰকাশ কৰে।

লগতে কয়- কেৱল নিৰ্বাচনৰ আগতহে নেতা ধেমাধৰাৰ পদাৰ্পন ঘটে এই গাঁৱলৈ। তথাকথিত সমাজ সেৱকৰ ৰাইজৰ দুৰ্দিনত দেখা সাক্ষাত নহয়। শীঘ্ৰে কালভাৰ্টটো নতুনকৈ সঁজাই ৰাইজক উপকৃত কৰৰিবলৈ প্ৰশাসন তথা জনপ্রতিনিধিৰ ওচৰত দাবী জনাইছে।

Also Read: পদ ৬০০ টা, প্ৰাৰ্থী ২৫ হাজাৰ

silapathar