গীতিকাৰ সূৰ্য কুমাৰ ৰাজালৈ "মুকুতাৰ মালা" বঁটা

গীতিকাৰ সূৰ্য কুমাৰ ৰাজালৈ "মুকুতাৰ মালা" বঁটা

author-image
Asomiya Pratidin
New Update
গীতিকাৰ সূৰ্য কুমাৰ ৰাজালৈ "মুকুতাৰ মালা" বঁটা

ডিজিটেল সংবাদ, বেবেজীয়া: গীতিকাৰ সূৰ্য কুমাৰ ৰাজালৈ আগবঢ়োৱা হৈছে "মুকুতাৰ মালা" বঁটা । সূৰসূৰ্য উপাধিৰে বিভূষিত নগঞা গীতিকাৰগৰাকীক এই বঁটা প্ৰদান কৰিব মলিন বৰা মেম'ৰিয়েল সঙ্গীত সাধনালয়ে ।

২০০৪ বৰ্ষতে নগাঁও চহৰৰ ফৌজদাৰিপট্টিৰ কলামন্দিৰত 'ইমান ধুনীয়া মুকুতাৰ মালা' শীৰ্ষক কালজয়ী গীতৰ স্ৰষ্টা দৰদী কবি-গীতিকাৰ মলিন বৰাৰ সোঁৱৰণত স্থাপন কৰা হৈছিল এই সংগীত সাধনালয়খন । ১৮টাকৈ বসন্ত অতিক্ৰম কৰা এই সংগীত শিক্ষাৰ প্ৰতিষ্ঠানখনিয়ে আগন্তুক ৯ ডিচেম্বৰৰ দিনা বিয়লি নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহৰ এক বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব বুলি অধ্যক্ষা মনমনা বৰাই সংবাদ মাধ্যমক জানিবলৈ দিছে ।

উল্লেখ্য যে, ১৯৫৩ চনত নগাঁও জিলাৰ ৰাইদঙ্গীয়াৰ ৰজাগাঁৱত জন্মগ্ৰহণ কৰিছিল সংগীত প্ৰযোজক সূৰ্য কুমাৰ ৰাজাই। 'কিনো মায়াৰে মোক', 'তুমি আহিবা বুলি', 'অহাৰ দৰে উভতি গ'লা', 'অ' চেনাই শুনিছনে নাই' আদিকে ধৰি শতাধিক কালজয়ী গীতৰ স্ৰষ্টা গৰাকীক এই সন্মানৰ বাবে মনোনীত কৰাৰ বাবে সংগীত শিক্ষাৰ প্ৰতিষ্ঠানটিৰ শলাগ লৈছে নগাঁৱৰ বিদ্বৎ সমাজে ।

৯ ডিচেম্বৰৰ বিয়লি ৩ বজাৰ এই বঁটা প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ উপৰিও সংগীত প্ৰতিষ্ঠানটিৰ বাৰ্ষিক সন্মিলনো অনুষ্ঠিত হ'ব। ১৯০৬ চনৰ পহিলা জানুৱাৰীত নগাঁও জিলাৰ বৰজহাত জন্মগ্ৰহণ কৰিছিল গীতিকাৰ মলিন বৰাই । পিছলৈ নগাঁও চহৰত নিগাজীকৈ বাস কৰা মলিন বৰাই শতাধিক গীতৰ লগতে কবিতা আৰু উপন্যাসো লিখিছিল যদিও তেওঁক অসমবাসীয়ে আজিও মনত ৰাখিছে দুৰ্গা প্ৰসাদ ভূঞাই সুৰ সংযোগ কৰা আৰু তাৰিকুদ্দিন আহমেদে প্ৰাণঢালি গোৱা "ইমান ধুনীয়া মুকুতাৰ মালা" শীৰ্ষক গীতটিৰ বাবেহে ।

এইগৰাকী গীতিকাৰৰ স্মৃতি যাউতিযুগীয়া কৰি ৰাখিবৰ বাবেই ২০২৩ বৰ্ষৰ পৰা এই "মুকুতাৰ মালা" বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে মলিন বৰা মেম'ৰিয়েল সঙ্গীত সাধনালয়ে ।

Also Read: কৰণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ীক গুলীয়াই হত্যা

nagaon