বেবেজীয়াত সুৰেশ বৰাৰ নিৰ্বাচনী ৰণশিঙা

বেবেজীয়াত সুৰেশ বৰাৰ নিৰ্বাচনী ৰণশিঙা

author-image
Asomiya Pratidin
New Update
বেবেজীয়াত সুৰেশ বৰাৰ নিৰ্বাচনী ৰণশিঙা

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই শনিবাৰে সমষ্টিটোৰ অন্তৰ্গত কেবাটাও স্থানত মাৰাথান প্ৰচাৰ অভিযান চলাই। বেবেজীয়া অঞ্চলৰ ডিমৌ চাৰিআলি, শালমাৰা, টোকলাই বেবেজীয়া, পূৱ হাতীচোং , কাকৰমাৰী, কুজিদাহ আদি অঞ্চলত সভা অনুষ্ঠিত কৰি ভোটাৰ ৰাইজক বিজেপিক সমৰ্থন দিবলৈ আহব্বান জনায়।

Advertisment

সভাসমূহত ভাষণ দি সুৰেশ বৰাই কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিছে। মোডীক পুনৰ প্ৰধানমন্ত্ৰী পতাৰ বাবে নগাঁও সংসদীয় সমষ্টিত বিজেপিৰ জয় নিশ্চিত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনাই। এইবাৰ ৰাইজ দুগুণ উৎসাহৰে বিজেপিক সমৰ্থন দিবলৈ আগবাঢ়ি আহিছে বুলি সুৰেশ বৰাই মন্তব্য কৰে।

অন্যহাতে বেবেজীয়া ডিমৌ বাংঠাই পঞ্চায়ত অন্তৰ্গত টোকলাই বেবেজীয়াত অনুষ্ঠিত নিৰ্বাচনী সভাত সুৰেশ বৰাক নগাওঁ বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সংগ দিয়ে। এই সভাত নগাঁও জিলা বিজেপিৰ উপসভাপতি সুৱৰ্ণ সিং , বিজেপি নেতা সঞ্জীৱ , বিনোদ বৰা , অনুপম দাস, ৰাজীৱ বৰা আদিয়ে অংশগ্ৰহণ কৰে।

Also Read: আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত

bebejiya RUPAK SARMA Election campaign suresh borah