/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/33ac7d8d-2019-4cbe-83fb-c130b86b8b6e/D.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ শনিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে কংগ্ৰেছৰ সদ্য পদত্যাগী সুৰেশ বৰাই। বিজেপিত যোগদানৰ পূৰ্বে পুৱাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে সুৰেশ বৰাই।
নগাঁও জিলা কংগ্ৰেছৰ সভাপতি আছিল সুৰেশ বৰা। জিলা সভাপতি জনৰ পদত্যাগৰ পাছতে নগাঁও কংগ্ৰেছত আভ্যন্তৰীণ সংঘাতৰ বহিঃপ্ৰকাশ ঘটিছে।
কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনৰ অতিকৈ ঘনিষ্ঠ সুৰেশ বৰাই দলত্যাগ কৰা বিষয়টো জিলাখনৰ ৰাজনীতিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
ইয়াৰোপৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক পৰিতোষ ৰয়েও ত্যাগ কৰে কংগ্ৰেছ। এই দুয়োগৰাকী নেতাই আজি বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত যোগদান কৰে বিজেপিত।
সুৰেশ বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে শুক্ৰবাৰে বিয়লি ভাগত সাংসদ বৰদলৈ বৰাৰ বাসভৱনত উপস্থিত হৈছিল ৷ তেওঁক বুজনি দিয়াৰ চেষ্টা কৰিছিল যদিও একো লাভ নহ'ল।
দলীয় সংঘাতৰ বাবে বৰাই এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। পদত্যাগৰ সময়ত তেওঁৰ সৈতে বৃহৎ সংখ্যক সমৰ্থক উপস্থিত থাকে।
Also Read: দৰমহাৰ বৈষম্য দূৰ কৰাৰ দাবী ডি.ই.এল. ই.ডি উত্তীৰ্ণ টিউটৰ শিক্ষকৰ