দৰমহাৰ বৈষম্য দূৰ কৰাৰ দাবী ডি.ই.এল. ই.ডি উত্তীৰ্ণ টিউটৰ শিক্ষকৰ

শুকুৰবাৰে সদৌ অসম ডিপ্লমা ইলিমেন্টৰি এডুকেছন চমুকৈ ডি. ই এল. ই ডি উত্তীৰ্ণ টিউটৰ শিক্ষক সন্থাই বাইহাটা চাৰিআলিস্থিত ৰুৰেল লাইব্ৰেৰীত এখন সংবাদ মেলৰ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
দৰমহাৰ বৈষম্য দূৰ কৰাৰ দাবী ডি.ই.এল. ই.ডি উত্তীৰ্ণ টিউটৰ শিক্ষকৰ

ডিজিটেল সংবাদ, দুমুনিচকীঃ শুকুৰবাৰে সদৌ অসম ডিপ্লমা ইলিমেন্টৰি এডুকেছন চমুকৈ ডি. ই.এল. ই ডি উত্তীৰ্ণ টিউটৰ শিক্ষক সন্থাই বাইহাটা চাৰিআলিস্থিত ৰুৰেল লাইব্ৰেৰীত এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত সন্থাটোৰ সাধাৰণ সম্পাদক মনোহৰ হুছেইনে কয়- ''আমি মধ্য ইংৰাজী বিদ্যালয়ত কাম কৰি আছিলো। আমি গ্ৰেজুৱেট হোৱাৰ উপৰি ডিপ্লমা ইলিমেন্টৰি এডুকেছনো উত্তীৰ্ণ। তাৰ পিছতো আমাক যোগ্যতাৰ ভিত্তিত মকৰল নকৰাত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ শিক্ষক সকলৰ সৈতে কাম কৰি আহিছো। একে সমান সময় শিক্ষা প্ৰদান কৰাৰ পিছতো আমাক মাত্ৰ ১০ হাজাৰ ৮ শ টকা দৰমহা প্ৰদান কৰি তাৰ বিপৰীতে একেলগে কাম কৰা আনজন শিক্ষকক ৭০/৮০ হাজাৰ টকা দৰমহা প্ৰদান কৰা হয়''।

Advertisment

সংবাদমেলত টিউটৰ শিক্ষক সকলৰ অনিশ্চয়তাৰ মাজত থকা ভৱিষ্যতৰ বিষয়ে ক্ষোভ প্ৰকাশ কৰি বৈষম্য দুৰ কাৰাৰ বাবে শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনায়। লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে টিউটৰ শিক্ষক হিচাপে মকৰল কৰা শিক্ষক সকলক যোগ্যতাৰ ভিত্তিত তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ বাবে দাবী জনায়।

অন্যাথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলত সদৰী কৰে সন্থাটোয়ে। এই সংবাদ মেলত সন্থাটোৰ সভাপতি হেমেন চন্দ্ৰ কাকতি, সম্পাদক মনোহৰ হুছেইন, কা: সভাপতি মুকুল চন্দ্ৰ নাথ, সহ: সম্পাদক সুভাষ কছাৰীকে ধৰি সন্থাটোৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।

Also Read: অসম তৃণমূল কংগ্রেছৰ মিডিয়া কোষৰ অধ্যক্ষৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱণা

himanta biswa sarma