৩০ হাজাৰ সমৰ্থকক লৈ নগাঁৱত সুৰেশ বৰাৰ সমদল, উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৩০ হাজাৰ সমৰ্থকক লৈ নগাঁৱত সুৰেশ বৰাৰ সমদল, উপস্থিত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ নগাঁও : স্তব্ধ নগাঁও চহৰ ৷ বিজেপি নেতা কৰ্মীৰ সমাগমে স্তব্ধ কৰি তুলিলে নগাঁও ৷ নগাঁও চহৰৰ ডচন স্কুলৰ খেলপথাৰত বিজেপিয়ে বজালে ৰঙশিঙা ৷

নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰাৰ পূৰ্বে আয়োজিত এক সভাক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ডচন স্কুলৰ খেলপথাৰত আয়োজিত সভাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নগাঁৱত এতিয়া বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই হৈছে নৰেন্দ্ৰ মোডী ৷ সুৰেশ বৰাক ভোট দিয়া মানে মোডীক ভোট দিয়া ৷ সুৰেশ বৰাক ভোট দিয়া মানে নৰেন্দ্ৰ মোডীক ভোট দিয়া আৰু মোডীৰ হাত শক্তিশালী কৰা ৷

কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কংগ্ৰেছ এতিয়া পুৰনি টকা ৷ পুৰনি নোট দিলে বজাৰত বস্তু পোৱা নাযায় ৷ সভাত ২০২৬ চনৰ পূৰ্বে ৰাজ্যৰ সকলোকে অৰুনোদয় আৰু আগন্তক দিনত আৰু নতুনকৈ ৫০ হাজাৰক চাকৰি দিব বুলি ঘোষনা কৰে ৷

প্ৰায় ত্ৰিশ হাজাৰ লোক সমবেত হয় আজি মনোনয়ন দিয়া কাৰ্যসূচীত ৷ দিনৰ ১২ বাজি ১৬ মিনিটত ডচন স্কুলৰ খেলপথাৰৰ পৰা বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক লগত লৈ মুখ্যমন্ত্ৰী ডা° হিমন্ত বিশ্ব শৰ্মাই খোলা জীপত উঠি মনোনয়ন দিবলৈ জিলা আয়ুক্ত কাৰ্যালয়লৈ যাত্ৰা কৰে ৷ বিধায়ক ৰূপক শৰ্মাই চলোৱা জীপত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী কেশব মহন্ত , পীয়ুষ হাজৰিকা , জয়ন্ত মল্ল বৰুৱা , বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন , বিজেপিৰ সভাপতি ভবেশ কলিতা , বিধায়ৰ জিতু গোস্বামী , ৰমাকান্ত দেউৰী আদিৰ লগতে দলীয় নেতৃত্ব উপস্থিত থাকে ৷

৩০ হাজাৰ সমৰ্থকক লৈ নগাঁৱত সুৰেশ বৰাৰ সমদল, উপস্থিত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা
গহপুৰৰ মৰা চেঙেলীত ২৭ কাৰ্টুন অৰুণাচলী সুৰা জব্দ, আটক এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in